W7s News গুৱাহাটী: ১২০ কিল'মিটাৰ দূৰত্ব। নুনমাটিৰ পৰা পাঠশালালৈ। এই দূৰত্ব একেৰাহে দৌৰি অতিক্ৰম কৰা এজন ব্যক্তি। ব্যক্তিজন আকৌ দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত। তেওঁ ৰিফাইনেৰীৰ এগৰাকী প্ৰডাকশ্বন মেনেজাৰ। লগতে এগৰাকী অংকৰ শিক্ষক। মানুহজনৰ নাম বিনোদ পাটগিৰি। দৌৰৰ ক্ষেত্ৰত তেওঁৰ এই আদৰ্শ বাৰ্তা বিয়পাই দহজনক প্ৰেৰণা দিয়াৰ উদ্দেশ্যে লেখক-সাংবাদিক মৰম কুমাৰৰ সম্পাদনাৰে প্ৰস্তুত কৰা 'আদৰ্শ দৌৰবিদ বিনোদ পাটগিৰি' নামৰ গ্ৰন্থখন গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়। উন্মোচন কৰে বিশিষ্ট পৰিচালক কৃপাল কলিতাই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডা: বীৰেন পাটগিৰি, ডা: ৰবীন্দ্ৰ মোহন শৰ্মা, বলীউডৰ সংগীত পৰিচালক ৰাজ কুমাৰ ৰাজে।
মৰম কুমাৰে আঁত ধৰা অনুষ্ঠানত অপূৰ্ব বেজবৰুৱাৰ দুটাকৈ গীত পৰিৱেশন কৰি পৰিৱেশ মধুৰ কৰি তোলে কণ্ঠশিল্পী অৰুন্ধতী বেজবৰুৱাই। বিশিষ্ট ব্যক্তিসকলে অনুষ্ঠানত বক্তব্য ৰাখি বিনোদ পাটগিৰিয়ে দেখুওৱা আদৰ্শক নিজৰ নিজৰ জীৱনত প্ৰয়োগ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।অনুষ্ঠানত বিনোদ পাটগিৰিক শুভেচ্ছা জনোৱাৰ লগতে তেওঁৰ মুক্তি পাবলগীয়া ছবি ব্ৰিজ উপভোগ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত বলীউডৰ সংগীত পৰিচালক ৰাজ কুমাৰ ৰাজেই হিন্দী গীত পৰিৱেশনেৰে আপ্লুত কৰে।
No comments:
Post a Comment