পথ দুৰ্ঘটনাত ব্যৱসায়ী কানিৰাম জালান (ৰাকেশ)ৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 18 September 2022

পথ দুৰ্ঘটনাত ব্যৱসায়ী কানিৰাম জালান (ৰাকেশ)ৰ মৃত্যু

 




W7s news গুৱাহাটী :  ব্যৱসায়ী তথা বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত ওত:প্ৰোতভাৱে জড়িত ব্যক্তি কানিৰাম জালান (ৰাকেশ)ৰ শনিবাৰে আবেলি প্ৰায় ২ বজাত একপথ দুৰ্ঘটনাত মৃত্যু হয়৷ ১৯৭৩ চনৰ ২৭ মে’ত জন্মগ্ৰহণ কৰা কানিৰাম জালানৰ মৃত্যুৰ সময়ত বয়স আছিল ৪৯ বছৰ ৷  তেওঁ পত্নী বন্দনা জালানৰ সৈতে গুৱাহাটীৰ ফটাশিল-আমবাৰীত বসবাস কৰিছিল৷ অতি নম্ৰ, বিনয়ী, পৰোপকাৰী প্ৰয়াত জালানৰ পিতৃ-মাতৃ ক্ৰমে প্ৰয়াত বাসুদেৱ জালান আৰু পুষ্পাদেৱী জালান৷ দৈনিক কমেও দুঘণ্টা সময় পূজা-পাতলত ব্যস্ত থকা কানিৰাম জালানে বিভিন্ন ধৰ্মানুষ্ঠান তথা মন্দিৰ আদিৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷ মৃত্যুৰ সময়ত জালানে পত্নীৰ লগতে পাঁচজন ভাই-ককাইৰ পৰিয়ালক এৰি যায়৷ উল্লেখ্য যে প্ৰয়াত কানিৰাম জালান বিশিষ্ট নিবন্ধকাৰ, সাংস্কৃতিক কৰ্মী, ‘বাৰ্তাপখিলী’ৰ কাৰ্যবাহী সম্পাদক গোপাল জালানৰ ভাতৃ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here