কামাখ্যা ধামত বলীউডৰ জনপ্ৰিয় অভিনেতা অনুপম খেৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 18 September 2022

কামাখ্যা ধামত বলীউডৰ জনপ্ৰিয় অভিনেতা অনুপম খেৰ


 



W7s news ষ্টাফৰিপোৰ্টাৰ : বলীউডৰ জনপ্ৰিয় অভিনেতা অনুপম খেৰে দেওবাৰে কামাখ্যা মন্দিৰ দৰ্শন কৰে। কামাখ্যা ধামত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ললে বাৰ্ষিয়ান অভিনেতাজনে। তেওঁ -কামাখ্যা মন্দিৰ দৰ্শন কৰি আপ্লুত হৈ পৰে। কামাখ্যা দেৱীৰ শ্ৰীচৰণত নিজৰ পৰিয়ালৰ লগতে সমগ্ৰ দেশবাসীৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি  প্ৰাৰ্থনা আগবঢ়োৱাৰ বুলি কয়। লগতে মন্দিৰ কৰ্তৃপক্ষই তেওঁক এখন ফুলাম গামোছা আৰু কামাখ্যা মন্দিৰৰ এটা প্ৰতিকেৰে আদৰণি আদৰণি জনোৱা বাবে মন্দিৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে। এই কাৰ্যসূচীত মন্দিৰৰ বৰদলৈ কবিন্দ্ৰ প্ৰসাদ শৰ্মা, ভাস্কৰ শৰ্মা আদি মন্দিৰৰ বিষয়  ববীয়া উপস্থিত থাকে।উল্লেখ্য, শনিবাৰে গুৱাহাটীত   অনুপম খেৰ উপস্থিত হয়।গুৱাহাটীত উপস্থিত হৈয়েই তেওঁ টুইটাৰত উৰাজাহাজৰ ভিতৰৰ পৰা লোৱা অসমৰ এক মনোৰম ভিডিঅ' শ্বেয়াৰ কৰিছিল অভিনেতাগৰাকীয়ে। সেই ভিডিঅ'ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক টেগ কৰিছিল অনুপম খেৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁক  গুৱাহাটীলৈ স্বাগতম জনাই ৰিপ্লাই দিয়ে। উল্লেখ্য, দেওবাৰে পুৱাৰ ভাগত জনপ্ৰিয় অভিনেতাজনক ওচৰৰ পৰা এবাৰ চাবলৈ তেওঁৰ অনুৰাগী সকলে কামাখ্যা মন্দিৰত ভিৰ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here