W7s news গুৱাহাটী : অসম সত্ৰ মহাসভাৰ এজন বলিষ্ঠ গুৰি ধৰোঁতা, সত্ৰীয়া সংস্কৃতিৰ শুদ্ধ সেৱক, বিশিষ্ট সংস্কৃত পণ্ডিত তথা যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ ভৱ কৃষ্ণ মিশ্ৰৰ বিয়োগত অসম সত্ৰ মহাসভাই গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে। অসম সত্ৰ মহাসভাৰ সভাপতি জীতেন্দ্ৰ নাথ প্ৰধানী আৰু প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই অতি শ্ৰদ্ধাৰ মিশ্ৰৰ বিয়োগ অসমীয়া সাহিত্য সংস্কৃতি, অসমৰ সত্ৰ অনুষ্ঠানসমূহৰ লগতে অসম সত্ৰ মহাসভাৰ বাবে এক অপুৰণীয় ক্ষতি বুলি মন্তব্য কৰে। অসম সত্ৰ মহাসভাৰ কেদ্রীয় প্ৰচাৰ সম্পাদক ঈশ্বৰ মহন্তই বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত এই কথা প্ৰকাশ। প্ৰধান সম্পাদক মহন্তই প্ৰয়াত মিশ্ৰৰ বিয়োগৰ বাতৰি পোৱাৰ লগে লগে শ্মশানলৈ গৈ অসম সত্ৰ মহাসভাৰ তৰফৰ পৰা শেষ শ্ৰদ্ধা জনায় আৰু সত্ৰ মহাসভাৰ এজন একনিষ্ঠ সেৱকক হেৰোৱালো বুলি আন্তৰিক শোক প্ৰকাশ কৰে আৰু বিদেহ আত্মাৰ সদগতিৰ অৰ্থে পৰামব্রহ্মৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনায়।
No comments:
Post a Comment