ৰাণীত আৰক্ষী - চি আৰ পি এফৰ যৌথ অভিযান ; বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 2 September 2022

ৰাণীত আৰক্ষী - চি আৰ পি এফৰ যৌথ অভিযান ; বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

 




 W7s news গুৱাহাটী :  পশ্চিম গুৱাহাটীৰ  ৰাণী আৰক্ষী চকীৰ অন্তৰ্গত অসম- মেঘালয় সীমান্তবৰ্তী নতুন ৰাণী অঞ্চলত যোৱানিশা আৰক্ষী - চি আৰ পি এফৰ এটা যৌথ তহলদাৰী  দলে  অভিযান চলাই বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে এজন লোকক আটক কৰিছে । আটক কৰা  লোকজনক কামৰূপ জিলাৰ ছয়গাঁও থানাৰ অন্তৰ্গত চাম্পুপাৰাৰ জেহেৰুল ইছলাম ( ৩২ ) বুলি চিনাক্ত কৰা হৈছে ।  প্ৰাথমিক তদন্তত আৰক্ষীয়ে উদ্ধাৰ কৰা বিস্ফোৰক সামগ্ৰীখিনী ৰাণী অঞ্চলৰ অসম - মেঘালয় সীমান্তৰ ৰিভয় জিলাৰ  মেঘালয়ত থকা শিলৰ কুঁৱৰীত ব্যৱহাৰৰ বাবে অনা হৈছিল বুলি নিশ্চিত কৰিলেও আৰক্ষীয়ে অধিক  তদন্তৰ বাবে ধৃত লোকজনক নিৰন্তৰ জেৰা অব্যাহত ৰাখিছে । প্ৰাপ্ত খবৰ মতে বৃহস্পতিবাৰে  নিশা প্ৰায় ৯.৩০ মান বজাত  ৰাণী আৰক্ষী চকীৰ ইনচার্জ অশোক কুমাৰ সিং আৰু ৰাণীস্থিত ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ  চেকেণ্ড - ইন - কমাণ্ড কে এল ধীমানৰ নেতৃত্বত আৰক্ষী - চি আৰ পি এফৰ এটা যৌথ তহলদাৰী দলে মেঘালয় সীমান্তৰ সমীপৰ নতুন ৰাণীত তহল  দি আছিল ।  তেনে  সময়তে  এ এছ ০১ ডি চি ১২৪৭ নম্বৰৰ ডি আই  পিকআপ ভান এখন অহাত দলটোৱে  সন্দেহবশত  তালাচী চলায় । তালাচী কালত ভানখনত  জেলেটিন ২৮০০ ডাল , ইলেক্ট্ৰনিক ডিটনেটৰ ১৫০০ ডাল  উদ্ধাৰ কৰে । লগে লগে আৰক্ষীয়ে ভানখনৰ চালক  জেহেৰুল ইছলামক  গ্ৰেপ্তাৰ কৰে । আনহাতে চালকজনে আৰক্ষীৰ জেৰাত ৰাণীৰ শিল ব্যৱসায়ী  জনৈক প্ৰণৱ দাস , বিনয় কলিতাৰ কথা মতে তাৰ পৰা  প্ৰায় ৬  কিলোমিটাৰ নিলগৰ  মেঘালয় সীমান্তৰ মৈৰাপুৰৰ পৰা শিল কুঁৱৰীত বিস্ফোৰকৰ বাবে অনা হৈছিল বুলি সদৰি কৰিছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here