W7s news গুৱাহাটী: জেহাদী কাৰ্যকলাপ নিৰ্মূল কৰাৰ নামত অসমত বিজেপি চৰকাৰে শেহতীয়াভাৱে কাৱাইতাৰীৰ মাদ্ৰাছা এখন বুলদোজাৰেৰে যিদৰে ধ্বংস কৰিলে, তাক চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰভাৱে গৰিহণা দিছে ৷ যিসকলে 'জেহাদৰ' নামত দেশবিৰোধী সন্ত্ৰাসবাদী কাৰ্যকলাপত লিপ্ত হয় তেওঁলোকক বিচাৰি উলিয়াই কঠোৰ শাস্তি বিহাটো সকলোৰে কাম্য ৷ কিন্তু জেহাদবিৰোধী অভিযানক বিজেপিয়ে তেওঁলোকৰ সাম্প্ৰদায়িক ৰাজনীতিৰ এপাত অস্ত্ৰ হিচাপেহে ব্যৱহাৰ কৰিছে ৷ এইটো লক্ষ্য কৰা গৈছে যে জেহাদীৰ নামত যধে-মধে বহুতকে গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ বৃহৎ অংশ এটাক চৰকাৰে নিজেই মুকলি কৰি দিবলৈ বাধ্য হৈছে। এই ধৰ্মীয় বিভাজনৰ ৰাজনীতিৰ অংশ হিচাপেই তেওঁলোকে জেহাদীৰ আশ্ৰয় স্থল বুলি কেইবাখনো মাদ্ৰাছা বুলডোজাৰেৰে ভাঙি দিয়াৰ দৰে সম্পূর্ণ বেআইনী কাৰ্যকলাপ সংঘটিত কৰিছে ৷ দেশৰ কোনো আইনে এনে কাৰ্যত অনুমোদন নজনায় ৷ জেহাদী বুলি অভিযুক্তসকলৰ বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি দোষী সাব্যস্তসকলৰ বিৰুদ্ধেহে বিচাৰ বিভাগীয় ৰায় অনুসৰি শাস্তি প্ৰদান কৰিব পাৰি ৷ কিন্তু বিজেপি চৰকাৰে বিচাৰ ব্যৱস্থাক বুঢ়া আঙুলি দেখুওৱাই নিজেই অভিযুক্তক শাস্তি প্ৰদানৰ দৰে উদ্ভৎ আৰু আইন বিৰোধী কাৰ্যকলাপৰ এটা অশুভ প্ৰক্ৰিয়াৰ সূত্ৰপাত কৰিছে ৷চি পি আই (এম) অসম ৰাজ্যিক কমিটিয়ে বিজেপি চৰকাৰৰ এনে সংবিধান বিৰোধী আৰু সাম্প্ৰদায়িক পক্ষপাতদুষ্ট কাৰ্যকলাপ শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনাইছে ৷ চৰকাৰৰ এনে বেআইনী কাৰ্যকলাপ বন্ধ কৰাৰ বাবে তৎকালে হস্তক্ষেপ কৰিবলৈও দলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰতি আহ্বান জনাইছে ৷
No comments:
Post a Comment