বিহু শিল্পী সংস্থা অসমৰ পঞ্চম খন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 5 September 2022

বিহু শিল্পী সংস্থা অসমৰ পঞ্চম খন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা

 


W7s news গুৱাহাটী :  গুৱাহাটীৰ গণেশ মন্দিৰৰ গণেশ উদ্যানৰ প্ৰেক্ষাগৃহত বিহু শিল্পী সংস্থা অসমৰ ৫ম খন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ দেওবাৰে সফল সামৰণি পৰে । দীপজ্যোতি হাজৰিকাৰ সভাপতিত্বত অনুস্থিত সভাখনিত অসমৰ  ১৭ খন জিলাৰ প্ৰতিনিধি সকলে অংশগ্ৰহন কৰে । বিহু শিল্পী সকলৰ আৰ্থিক সুৰক্ষাৰ ক্ষেত্ৰত বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে বিহু শিল্পী সংস্থা অসমৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠিক ভেটি শক্তিশালী কৰাৰ স্বাৰ্থত কেন্দ্ৰীয় সমিতিৰ বিষয়বাব সালসলনি কৰে । সম্পাদক পংকজ বৰাই জানিবলৈ দিয়ে যে, অসমৰ জাতীয় ধ্বজা বাহক বিহুক অসমৰ লগতে দেশ বিদেশত পৰিবেশন কৰি অসমীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত দেহ মন সঁপি দিয়া বিহুৱা বিহুৱতী সকলৰ সুৰক্ষাৰ বাবে বিহু শিল্পী সংস্থা অসম বদ্ধপৰিকৰ । সংস্থাৰ ১৭ খন জিলাৰ প্ৰতিনিধি সকলে সংস্থাৰ কৰ্মৰাজী আৰু ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰি কয় যে, থলুৱা নিভাঁজ বিহুৱা বিহুৱতী সকলৰ সুৰক্ষাৰ ক্ষেত্ৰত বিহু শিল্পী সংস্থা অসমে যি পদক্ষেপ গ্ৰহন কৰিছে সেয়া সঁচাকৈয়ে প্ৰসংশনীয় । উল্লেখনীয় যে, অহা ফেব্ৰুৱাৰী মাহত  বৰপেটা জিলাত হ'ব লগীয়া সংস্থাৰ কেন্দ্ৰীয় অধিবেশনৰ দিনবাৰ এই সভাতেই চুডান্ত কৰা হয় ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here