বীৰ চিলাৰায় বঁটা লাভ কৰা অসমৰ চাৰি এন চি চি কেডেটক মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ অভিনন্দন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 6 September 2022

বীৰ চিলাৰায় বঁটা লাভ কৰা অসমৰ চাৰি এন চি চি কেডেটক মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ অভিনন্দন

 



W7s news গুৱাহাটী  : ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ  ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ  ( এন চি চি ) অসমৰ চাৰিজন কেডেটে   এইবেলি তেওঁলোকে বাহিণীটোত বিভিন্ন ক্ষেত্ৰত দেখুওৱা সাফল্যৰ বাবে  এন চি চিৰ  সৰ্বশ্ৰেষ্ঠ বঁটা হিচাপে পৰিচিত বীৰ চিলাৰায় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । কেডেট চাৰিজন হল ক্ৰমে গুৱাহাটীস্থিত ৬০ আসাম গাৰ্লছ এন চি চি বেটেলিয়ানৰ  ( এছ ডব্লিউ )  চিনিয়ৰ আণ্ডাৰ অফিচাৰ আৰু চাউথ  পইণ্ট স্কুলৰ ছাত্ৰী সুকন্যা কাশ্যপ , তেজপুৰস্থিত ৫ আসাম এন চি চি বেটেলিয়ানৰ কৰ্পৰেল চিন্ময় বিশ্বাস , ডিব্ৰুগড়স্থিত ১০ আসাম এন চি চি বেটেলিয়ানৰ কেডেটদ্বয় বিজু নমশূদ্ৰ আৰু তন্ময় শ্ৰুতিধাৰা গগৈ । আনহাতে এই বঁটাত আছে ২৫ হাজাৰ টকাৰ চেক আৰু অসমৰ মুখ্যমন্ত্ৰীৰ স্বাক্ষৰযুক্ত প্ৰমাণপত্ৰ , এটা স্মাৰক । আনহাতে চলিত বছৰৰ ৩ ছেপ্টেম্বৰত দিছপুৰৰ মুখ্যমন্ত্ৰীৰ সভাগৃহত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চাৰিওজন কেডেটকে এই বঁটা প্ৰদান কৰাৰ লগতে তেওঁলোকৰ সৈতে কিছু সময় মত বিনিময় কৰে। আনহাতে অসমৰ চাৰিজনকৈ এন চি চি কেডেটে বীৰ চিলাৰায় বঁটা লাভ কৰি বাহিনীটোলৈ গৌৰৱ কঢ়িয়াই অনা বাবে এন চি চিৰ শ্বিলংস্থিত উত্তৰ-পূব মণ্ডল সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক প্ৰধান , মেজৰ জেনেৰেল ভাস্কৰ কলিতাই চাৰিওজন কেডেটকে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে । মেজৰ জেনেৰেল ভাস্কৰ কলিতাই চাৰিওজন কেডেটৰ উজ্জ্বল শৈক্ষিক ভৱিষ্যত কামনা কৰি অনাগত দিনত যাতে দেশৰ সশস্ৰ বাহিনীত ভৰ্ত্তি হৈ দেশমাতৃৰ সেৱা কৰিব পাৰে তাৰ বাবে তেওঁলোকক আহ্বান জনায় । উল্লেখযোগ্য যে চাৰিওজন কেডেটৰ ভিতৰত গুৱাহাটীৰ চাউথ পইণ্ট স্কুলৰ ছাত্ৰী সুকন্যা কাশ্যপে চলিত ২০২২ বৰ্ষৰ নতুন দিল্লীত অনুষ্ঠিত গণৰাজ্য দিৱসৰ পেৰেডত ভাগ লৈ তাত কৃতিত্ব অর্জন কৰাৰ লগতে এন চি চিত  অতি সন্মানীয় বুলি পৰিচিত প্ৰধানমন্ত্ৰীৰ ৰেলীটো ভাগ লোৱাৰ বাবে নিৰ্বাচিত হৈছিল । আনকি নতুন দিল্লীত এন চি চিৰ সাংস্কৃতিক অনুষ্ঠানতো ভাগ লৈ সকলোৰে উচ্চ প্ৰশংসা লাভ কৰিছিল ৬০ আসাম এন চি চি বেটেলিয়ানৰ চিনিয়ৰ আণ্ডাৰ  অফিচাৰ সুকন্যা কাশ্যপে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here