W7s news গুৱাহাটী : হোমিঅ'পেথি হৈছে এক সুলভ, বৈকল্পিক আৰু সামগ্ৰিক চিকিৎসা ব্যৱস্থা৷ চাহ বাগিচা অঞ্চলৰ জনসাধাৰণৰ মাজত এই নীতি গ্ৰহণ কৰি কেন্দ্ৰীয় হোমিঅ'পেথি গৱেষণা পৰিষদ, নতুন দিল্লীৰ নিৰ্দেশনাত 'আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান (হোমিঅ'পেথি) গুৱাহাটীয়ে অসমৰ বিভিন্ন চাহ বাগিচাত বিনামূলীয়া হোমিঅ'পেথিক স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিবলৈ এক অভিনৱ প্ৰয়াস আৰম্ভ কৰিছে ৷ কামৰূপ জিলাৰ আমচোং চাহ বাগিচাত শনিবাৰে আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ( হোমিঅ'পেথি গুৱাহাটীৰ এই প্ৰমুখ কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷ স্বাস্থ্য শিবিৰৰ শুভ উদ্বোধন কৰি আমচোং চাহ বাগিচাৰ মহাপ্ৰবন্ধক সন্তু য়াদৱে কয় যে " আমচোং চাহ বাগিচাৰ সকলো ৰাইজৰ বাবে আজিৰ দিনটো অতি স্মৰণীয় দিন; অৱশেষত এই বাগিচাৰ শ্ৰমিক তথা তেওঁলোকৰ পৰিয়ালে চিকিৎসাৰ সুবিধা সমূহ লাভ কৰিব পাৰিব৷ আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ( হোমিঅ'পেথি ) গুৱাহাটীৰ ভাৰপ্ৰাপ্ত বিষয়া ডা: অমুল্য ৰত্ন চাহুৱে উপস্থিত ৰাইজক সম্বোধন কৰি কয় " অসম হৈছে প্ৰথমখন ৰাজ্য যিয়ে এনে এক অভিলাষী পদক্ষেপৰ সূচনা কৰিছে৷ অসমৰ চাহ বাগিচা আৰু বাগিচাৰ প্ৰতিজন মানুহ তথা কৰ্মী সকল অসমৰ এক অবিচ্ছেদ্য অংগ৷ উল্লেখনীয় যে উক্ত স্বাস্থ্য শিবিৰত প্ৰথমটো দিনাই মুঠ ৫০ জন ৰোগীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হয় । আগন্তক দিনত প্ৰতি মাহৰ প্ৰথম, দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে উক্ত শিবিৰ নিয়মীয়াকৈ অনুষ্ঠিত হ'ব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে ।
No comments:
Post a Comment