গুৱাহাটীত প্ৰথমবাৰৰ বাবে 'লুমছ ৱেভছ এণ্ড ম'ৰ' প্ৰদৰ্শনী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 6 September 2022

গুৱাহাটীত প্ৰথমবাৰৰ বাবে 'লুমছ ৱেভছ এণ্ড ম'ৰ' প্ৰদৰ্শনী

 



W7s news গুৱাহাটী :  কলকাতাত এষ্টেটিকৰ প্ৰচেষ্টাত ২০১৪ চনৰ পৰা অ


নুষ্ঠিত হৈ অহা লুমছ ৱেভছ এণ্ড ম'ৰ' প্ৰদৰ্শনী প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব। ভাৰতীয় বয়ন আৰু কাৰুশিল্পৰ এই তিনিদিনীয়া প্ৰদৰ্শনীখন চলিত মাহৰ ৮, ৯ আৰু ১০ ছেপ্টেম্বৰত গুৱাহাটীৰ দীঘলীপুখুৰী পাৰৰ সত্যনাথ বৰা হ'লত এছথেটিকৰ উদ্যোগত অনুষ্ঠিত হ'ব। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত  উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে আয়োজক সংহিতা ঘোষ আৰু মৈত্ৰেয়ী পাঠকে। তেওঁলোকে লগতে কয়-এই প্ৰদৰ্শনীখনত ভাৰতৰ বিভিন্ন অঞ্চলৰ অংশগ্ৰহণকাৰীসকলক বিভিন্ন স্থানীয় বিশেষত্বৰ লগত প্ৰদৰ্শনীত অংশগ্ৰহণ কৰাৰ সুযোগ দিয়া হ'ব। এই প্রদর্শনীখন আগন্তুক উৎসৱ, দুৰ্গা পূজা আৰু দেৱালীত গ্ৰাহকক আকৰ্ষণ কৰিব পাৰিব। সমগ্ৰ ভাৰতৰ শিপিনী, শিল্পী আৰু ঘৰুৱা ডিজাইনাৰসকলক এক নেটৱৰ্কিং আৰু বিপণন মঞ্চ দিয়াৰ বাবে এই প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। প্ৰদৰ্শনীখনত পুৰস্কাৰ প্ৰাপ্ত শিল্পী আৰু ডিজাইনাৰসকলক লৈ অনুষ্ঠিত হ'ব, যিয়ে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ কাপোৰ, বস্ত্ৰ, কলা আৰু কাৰুশিল্প প্ৰদৰ্শন কৰিবলৈ শিপিনীসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰে, পিন্ধিবলৈ সাজু কৰি তোলে, শিল্পকলা, ঘৰুৱা লিনেন, হস্তনির্মিত অলংকাৰ, হাতেৰে বোৱা কাৰ্পেট আদি তৈয়াৰ কৰে। এই  হস্তশিল্পমেলাখনীত  দেশৰ বিভিন্ন স্থানৰ উদ্যোগীক প্ৰতিস্থানসমূহে তেওঁলোকৰ নিজা নিজা কালেকচন সমূহ প্ৰদৰ্শনৰ লগতে বিক্ৰীৰ ব্যৱস্থা কৰিব। বাণিজ্যিক দিশৰ সুবিধা লগতে হস্তশিল্পীসকলৰ  দ্ধাৰা নিৰ্মিত বিভিন্ন প্ৰকাৰৰ সামগ্ৰী উপলদ্ধ হ'ব ।  বিশেষকৈ ভাৰতৰ বিভিন্ন ঠাই সমূহৰ বিশেষ  শাৰী, আ-অলংকাৰ; হস্তনিৰ্মিত বিভিন্ন সামগ্ৰী ইয়াত পোৱা যাব এই মেলাত।উক্ত মেলাত ভাৰতৰ বিভিন্ন ঠাইসমূহৰ বিপনীৰ অংশগ্ৰহণ কৰিব। শ্ৰীদেৱী হেনলোমছ  হাইদৰাবাদ; ডেছিকনেছাৰ অনুশ্ৰী মালহত্ৰা ,কলকতা, ভাংকাৰ প্ৰভাত  কাংজী ; কুছ

কমল হেণ্ড পিংন; জয়পুৰ,মেলড্ৰামা ;ছীলভাৰ জুৱেলাৰী কলকতা;

নছিকানঠাৰ হাট; ঢাকাই জমদানি

ডেছা শেখৱাটি  সৰু ৰাজস্থান

শ্ৰীৰাশ্ৰী  কলকতা; 

জানাবি  এনট্ৰউইন কলকতা; 

ডাউড  লহাৰ ;  বেল্ট ক্ৰাভ গুজৰাট 

ৰেড অচাৰ ; কলকতা

এছ ক্ৰেটিং  গুৱাহাটী 

প্ৰাৰ্থনা হাউজ অফ্ ডেছিং বৰপেটা

ৰুণজুন বৰুৱা গুৱাহাটী আদি অন্যতম।'

প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই প্ৰদৰ্শনীখনে ক্ৰেতাক  আকৰ্ষণ কৰিব বুলি উদ্যোক্তা সকল আশাবাদী।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here