ডিজিপিৰ নীৰৱ দৰ্শকৰ ভূমিকা পালন সন্দৰ্ভতো প্ৰশ্ন তৃণমূল কংগ্ৰেছৰ
W7s news গুৱাহাটী : অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক বনজিৎ ঠাকুৰীয়াৰ ওপৰত আক্ৰমণৰ ঘটনাক গৰিহণা দিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। এক বিবৃতিত বৰাই সাংবাদিক এগৰাকীয়ে নিজৰ কৰ্তব্য পালনৰ সময়ত খোদ মহানগৰীৰ মাজমজিয়াত আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হোৱাটো অতি চিন্তাৰ বিষয় বুলি মন্তব্য কৰে। উল্লেখ্য, বুধবাৰে নিশা সাংবাদিক ঠাকুৰীয়াই কমাৰ্চ কলেজৰ সন্মুখত থকা 'ফেট বেলি' ৰেষ্টুৰেণ্টত সংঘটিত অগ্নিকাণ্ডৰ সংবাদ সংগ্ৰহত ব্যস্ত থকাৰ সময়তে আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হয়। আনহাতে বিষয়টোত চানমাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে পক্ষপাতমূলক স্থিতি লৈ ৰহস্যজনকভাৱে ওলোটাই অসমীয়া প্ৰতিদিনৰ সাংবাদিকগৰাকীকহে দোষী সজাবলৈ চেষ্টা কৰা কাৰ্যকো সমালোচনা কৰে সভাপতি বৰাই। কথাই কথাই অসম আৰক্ষী সলনি হ'ব, নাগৰিকৰ লগত বন্ধু আৰু অপৰাধীৰ লগত কঠোৰ হ'ব বুলি কৈ অহা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য ফুটুকাৰ ফেনত পৰিণত হোৱা বুলি মন্তব্য কৰে। আনহাতে অসম আৰক্ষীত সংস্কাৰৰ কথা কৈ অহা আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তইও এই ঘটনা সন্দৰ্ভত সংবাদ গোষ্ঠীটোৰ পৰা আভিযোগ পোৱাৰ পাছতো নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সভাপতি বৰাই 'স্বয়ং আৰক্ষীৰ মুৰব্বীগৰাকীয়েই যদি এনেদৰে অসক্ৰিয় হয়, তেন্তে সামগ্ৰিক প্ৰশাসন ব্যৱস্থাৰ পৰা ৰাইজে কি নিৰাপত্তাৰ আশা কৰিব কৰিব পাৰে' বুলি প্ৰশ্ন উত্থাপন কৰে।সভাপতি বৰাই মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰি নিৰপৰাধীক দোষী সজাব বিচৰা আৰক্ষী বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
No comments:
Post a Comment