W7s news গুৱাহাটী :অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা প্ৰশান্ত কুমাৰ নেওগৰ আজি পুৱা গুৱাহাটীৰ শৰণীয়াস্হিত বাসগৃহত মৃত্যু হয় ৷ ৭৫ বছৰীয়া অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তাগৰাকীয়ে মৃত্যুৰ সময়ত পত্নী, এগৰাকী পুত্ৰ এগৰাকী বিবাহিতা কন্যা আৰু নাতি নাতিনীসহ অসংখ্য আত্মীয় কুটুমক ইহ সংসাৰত এৰি থৈ গৈছে৷ উল্লেখ্য, লখিমপুৰ জিলাৰ বিহপুৰিয়াৰ মৰিচা পথাৰ গাওত জন্ম লাভ কৰা নেওগে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা চিভিল ইনঞ্জিনিয়াৰিঙত স্লাতক ডিগ্ৰী লাভ কৰিছিল ৷ এগৰাকী দক্ষ অভিযন্তা হিচাপে সুনাম থকা প্ৰশান্ত কুমাৰ নেওগৰ মৃত্যুত বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে ৷
No comments:
Post a Comment