হেমকোষৰ ব্ৰেইলী সং স্কৰণ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 16 September 2022

হেমকোষৰ ব্ৰেইলী সং স্কৰণ উন্মোচন

 





ৰাজ্যৰ দৃষ্টিহীন বিদ্যালয়লৈ বিনামূলীয়াকৈ বিতৰণ কৰা হ'ব হেমকোষৰ ব্ৰেইলী সং স্কৰণ



W7s news গুৱাহাটী: 'অসমৰ ইতিহাসত প্ৰথম বাৰৰ বাবে ব্ৰেইলী অভিধান উপহাৰ দিলে সাদিন প্ৰতিদিন গোষ্ঠীয়ে। তেওঁলোকৰ এই প্ৰচেষ্টাই অসমীয়া ভাষাক নতুন মাত্ৰা দিব। আজি অসম আৰু অসমীয়াৰ বাবে গৌৰৱৰ দিন-এইদৰে কয় ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে। শুকুৰবাৰে গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰ হেমকোষ প্ৰকাশন আৰু সাদিন প্ৰতিদিন গোষ্ঠীৰ উদ্যোগত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সম্পাদিত তথা হেমকোষ প্রকাশনৰদ্বাৰা প্ৰকাশিত হেমকোষৰ ব্ৰেইলী সং স্কৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি   ৰাজ্যপাল মুখীয়ে গ্ৰন্থখন উন্মোচন কৰি লগতে কয়-নিজৰ মনোবল অটুট থাকিলে সকলো অসম্ভব কাম সম্ভৱ হৈ পৰে। আমাৰ চিন্তা শক্তি অক্ষম হ'ব নালাগে। লুইজ ব্ৰেইলীয়ে নিজৰ দৃষ্টি শক্তি হেৰুৱাই ব্ৰেইলী লিপি আবিষ্কাৰ কৰি মহান কাৰ্য কৰি থৈ গ'ল। আনহাতে জয়ন্ত বুৰুৱাৰ প্ৰচেষ্টাত দেশৰ ইতিহাসত প্ৰথম বাৰৰ বাবে ব্ৰেইলী পদ্ধতিত অভিধান প্ৰকাশ কৰা হ'ল।' তেওঁ  লগতে বশিষ্টস্থিত চৰকাৰী দৃষ্টিহীন বিদ্যালয়ৰ প্ৰধান শিক্ষক নিৰুপমা ভট্টাচাৰ্যৰ হাতত প্ৰথমখন হেমকোষৰ ব্ৰেইলী সং স্কৰণ অৰ্পণ কৰে। সভাত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি দিল্লী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপক, সংস্কৃত পণ্ডিত ভাৰতেণ্ডু পাণ্ডে কয়-'আমি শব্দৰ ওচৰত ঋণী। যাৰ চকুৰ জ্যোতি হেৰুৱাই গৈছে তেওঁলোকৰ 

বাবে এটা মহৎ কাম সমাধান কৰা হ'ল। এয়া আমাৰ বাবে গৌৰৱৰ বিষয়। ভাৰতবৰ্ষৰ লোক শব্দৰ আৰাধক। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষা, সাহিত্য সমৃদ্ধি কৰি গৈছে এই মহৎ কাম সমাধান কৰা বাবে ভাষাৰ ভাগীৰথ জয়ন্ত বৰুৱাক অভিনন্দন জনালোঁ।'সাদিন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই আদৰণি ভাষণ দিয়া সভাখনত সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে  শলাগৰ শৰাই আগবঢ়ায়। জ্যেষ্ঠ সাংবাদিক শোণিত কুমাৰ ভূঞাই আঁতধৰা সভাখনৰ আৰম্ভণিতে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বিশিষ্ট ব্যক্তি সকলে বন্তি প্ৰজ্বলন কৰে। কিৰণ বালা দেৱীয়ে গণেশ বন্দনা পৰিবেশন কৰা অনুষ্ঠানত উপস্থিত কেইবাজনো বিশিষ্ট ব্যক্তিক সমৰ্দ্ধনা জনোৱা হয়। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক ড০ কিশোৰ মোহন ভট্টাচাৰ্যই এই অভিধানখনে দিব্যাংগ সকলৰ মানসিক উত্তৰণত যথেষ্ট সহায় কৰিব বুলি কয়।উল্লেখ্য,ৰাজ্যৰ দৃষ্টিহীন বিদ্যালয়লৈ বিনামূলীয়াকৈ বিতৰণ কৰা হ'ব হেমকোষৰ ব্ৰেইলী সং স্কৰণ। দিব্যাংগ, বিশেষকৈ দৃষ্টিশক্তিৰ ক্ষেত্ৰত বাধাগ্ৰস্তসকলৰ অসমীয়া ভাষা-সাহিত্য চৰ্চাৰ ক্ষেত্ৰত ভাৰতীয় ভাষাৰ পুৰ্ণাংগ ব্ৰেইলী অভিধানখনৰ পাঁচটা খণ্ডৰ স্বৰ বৰ্ণ অংশটোৰ এই অনুষ্ঠানত উন্মোচন কৰা হয়। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বহু সং খ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here