W7s news গুৱাহাটী:
আহক আমি সকলোৱে মিলি ভৰলু বচাওঁ-এই সংকল্প লৈ চেভ ভৰলুৰ উদ্যোগত শুকুৰবাৰে গুৱাহাটীৰ সোনাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্র ছাত্রীৰ উপস্থিতিত অনুষ্ঠিত কৰা হয় চেভ ভৰলুৰ শিক্ষার্থী সজাগতা অনুষ্ঠান। চেভ ভৰলুৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়খনৰ অধ্যক্ষ মঞ্জু মজুমদাৰ বৰ্মনে আদৰণি ভাষন দিয়ে। অনুষ্ঠানত চেভ ভৰলুৰ সভাপতি ডা: ৰবীন মজুমদাৰে শীক্ষার্থী সজাগতা সভা মুকলি কৰি কয়-এসময়ৰ মাছ-কাছেৰে ভৰা ভৰলু আজি দেশৰ প্ৰদুষিত নদীৰ অন্যতম। এনে অবাঞ্চিত অভিলেখৰ বাবে ৰাজ্যবাসী, গুৱাহাটীবাসী লজ্জানত। যি নৈত কেইবছৰমান পূৰ্বে আমি উমলিছিলো সেই ভৰলুত আজি কেৱল আৰ্ছেনিক, কেডমিয়াম আদি বিষাক্ত দ্ৰব্য। আজিৰ প্ৰজন্মই যদি ভৰলু পুনৰুদ্ধাৰৰ বাবে আগুৱাই নাহে গুৱাহাটীৰ পৰিবেশ আৰু বিষাক্ত হ'ব।
অনুষ্ঠানত চেভ ভৰলুৰ উপ সভাপতি ডা: সীমাৰেখা দেবীয়ে প্লাষ্টিক ব্যবহাৰৰ ভয়াবহতা সন্দৰ্ভত বিশ্লেষণাত্মক ভাষন দিয়াৰ লগতে ছাত্র ছাত্রী সকলক প্লাষ্টিক ব্যবহাৰৰ বিৰুদ্ধে সংকল্প ল'বলৈ উদ্বুদ্ধ কৰে। অনুষ্ঠানত চেভ ভৰলুৰ সদস্য ডা: অৰূপ দাসে ভৰলু-বাহিনীৰ মুমুর্ষূ অৱস্থাৰ কাৰণ আৰু প্ৰতিকাৰ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়। চেভ ভৰলুৰ গুৰুত্ব পূর্ণ অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষয়িত্ৰী দীপালী বৰাই অ'জন স্তৰে জীৱজগতৰ কিমান বিপদ ঘটাব পাৰে সেই সন্দৰ্ভত ব্যাখ্যা কৰি কয়। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় চেভ ভৰলুৰ যুটীয়া সচিব ডা:ৰুবী কটকীয়ে। বিদ্যালয়খনৰ শতাধিক শিক্ষার্থী, শিক্ষক -শিক্ষয়িত্ৰীয়ে অনুষ্ঠানত ভাগ লোৱা অনুষ্ঠানত চেভ ভৰলুৰ সক্রিয় সদস্য ডা:মানবেন্দ্র গোস্বামী, ডা:ৰমেন কলিতা,
ধ্ৰুৱজ্যোতি শইকীয়া,সোনাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মিনতি ফুকনেও সহযোগ কৰে।
No comments:
Post a Comment