ৰাণীত হাতী - মানুহৰ সংঘাট নিৰাময় বিষয়ক সজাগতা সভা : কৃষকক ক্ষতিপূৰণৰ আশ্বাস বন বিভাগৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 7 September 2022

ৰাণীত হাতী - মানুহৰ সংঘাট নিৰাময় বিষয়ক সজাগতা সভা : কৃষকক ক্ষতিপূৰণৰ আশ্বাস বন বিভাগৰ

 




W7s news গুৱাহাটী : অসম - মেঘালয়  সীমান্তৰ  বৃহত্তৰ ৰাণী অঞ্চলৰ  কৃষিভূমি সমূহত যাতে বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই কৃষক ৰাইজে কপালৰ ঘাম মাটিত পেলাই কৰা ধান খেতি নষ্ট কৰিব নোৱাৰে আৰু হাতী - মানুহৰ সংঘাট যাতে নিৰাময় কৰিব পাৰি তাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে  আজি বিয়লি  ৰাণীৰ কাষৰীয়া মেঘালয়  সীমান্তৰ মাণিকপুৰ ৰাজহুৱা নামঘৰ  প্ৰাংগণত এখন সজাগতা সভা অনুষ্ঠিত হৈ যায় । পৰিৱেশ সচেতনতা সৃষ্টিৰ বাবে কাম কৰি অহা স্বেচ্ছাসেৱী সংগঠন ডব্লিউ ডব্লিউ এফ ,  মৈৰাপুৰ আঞ্চলিক হাতী প্ৰতিৰোধ সমিতি আৰু  ৰাণী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ যৌথ উদ্যোগত অনুষ্ঠিত সভাখনত ভাগ লৈ  স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই  কয়  হাতী আৰু মানুহৰ সংঘাট  সম্পূৰ্ণ নিৰ্মুল  কৰিব নোৱাৰি যদিও ৰাইজৰ সহযোগত ৯০%  নিৰ্মূল  কৰিব পৰা যায় । এইক্ষেত্ৰত বিধায়ক যাবতীয়  পুজিৰ বাবে আৱশ্যকীয় সকলোখিনি বিভিন্ন উপায়েৰে যোগাৰ কৰি দিব বুলি আশ্বাস দিয়ে বিধায়ক কলিতাই । আনহাতে মৈৰাপুৰ আঞ্চলিক হাতী প্ৰতিৰোধ সমিতিৰ সভাপতি দীনেশ নাথে  উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বন বিভাগৰ পূ


ৱ কামৰূপ বন সংমণ্ডলৰ ডি এফ অ ৰোহিণী বল্লভ শইকীয়াই ভাষণত হাতী - মানুহৰ সংঘাটৰ কাৰণ সমূহ দাঙি ধৰে আৰু  বনৰীয়া হাতীয়ে  শস্য অনিষ্ট কৰা  কৃষকক উপযুক্ত ক্ষতিপূৰণ দিয়া , হাতী অহা যোৱা কৰা পথত সৌৰশক্তি চালিত ফেনসিঙৰ ব্যৱস্থা কৰা , হাতীৰ উপদ্ৰুত অঞ্চলত বনকর্মীৰ তহলৰ ব্যৱস্থা কৰা , কৃষক ৰাইজক উচ্চপোহৰযুক্ত টৰ্চ লাইটৰ যোগান ধৰা হব বুলি ব্যক্ত কৰে । তেনেদৰে ৰাণীৰ আঞ্চলিক বন বিষয়া জয়ন্ত গোস্বামীয়ে চমু ভাষণত উপস্থিত ৰাইজক হাতী ওলালে আতংকিত নহবলৈ আৰু হাতীক আক্ৰমণ নকৰিবলৈ আহ্বান জনায় । সভাত ডব্লিউ ডব্লিউ এফৰ ব্ৰহ্মপুত্ৰ লেণ্ডস্কেপৰ সভাপতি অনুপম শৰ্মা , কৰ্মকর্তাদ্বয় হিতেন বৈশ্য আৰু ডেভিড স্মিথ , জ্যেষ্ঠ সাংবাদিক জোন ৰাভা , অগপ নেতা ক্ৰমে সুভাষ শৰ্মা , ৰবীন দৈমাৰী , মনোৰঞ্জন দাস ,শংকৰ দাসকে ধৰি কেবাজনো নেতাই ভাষণ দিয়ে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here