বিশিষ্ট সমাজবিজ্ঞানী ড° প্ৰফুল্ল মহন্তৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 2 September 2022

বিশিষ্ট সমাজবিজ্ঞানী ড° প্ৰফুল্ল মহন্তৰ মৃত্যু

 




W7s news গুৱাহাটী: বিশিষ্ট সমাজবিজ্ঞানী ড° প্ৰফুল্ল মহন্তৰ বৃহস্পতিবাৰে নিশা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত তেওঁৰ দেহাৱসান ঘটে৷

১৯৪১ চনত নগাঁৱৰ জাজৰি বগৰীগুৰিৰ হেমাৰবড়ি সত্ৰত জন্মলাভ কৰা প্ৰফুল্ল মহন্তৰ পিতৃ থুলেশ্বৰ মহন্ত আৰু মাতৃ আছিল কিৰণ মহন্ত৷

১৯৫৭ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ৷

১৯৬০ চনত আই.এ. উত্তীৰ্ণ (প্ৰাইভেট)

১৯৬২ চনত স্নাতক ডিগ্ৰী লাভ নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন কলেজৰ পৰা৷

১৯৬৩ চনত B.T.ডিগ্ৰী(যোৰহাট P.G.T.College)৷

১৯৬৬ অসমীয়াত স্নাতকোত্তৰ ডিগ্ৰী লাভ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা৷

১৯৮৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ৷ বিষয় আছিল “ অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ উদ্ভৱ বিকাশ আৰু ব্ৰিটিছ আমোলৰ অসমৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক ৰূপান্তৰত তেওঁলোকৰ ভূমিকা (১৮২৮-১৯৪৭)”

১৯৬০ চনত কঁহিগুৰি এম.ভি.,এল.পি. স্কুলত প্ৰায় এবছৰ শিক্ষকতা৷

১৯৬১-৬২ বৰপাথৰি বাপুজী হাইস্কুলত শিক্ষকতা৷

১৯৬২ চনত কুঁজিদাহ হাইস্কুলত শিক্ষকতা৷

১৯৬৬ চনৰ শেষৰফালে ডিফু কলেজৰ অসমীয়া বিষয় শিক্ষক হিচাপে যোগদান৷

১৯৬৬চনতে সেই কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব গ্ৰহণ৷

১৯৬৮ চনত মৰিয়নি কলেজত অসমীয়া বিষয়ৰ শিক্ষক ৰূপে যোগদান৷ (১৯৬৬-১৯৯৪)৷

১৯৯৪ চনত আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা,অসম (আবিলেক)-ত Senior Research Fellow হিচাপে যোগদান কৰি ১৯৯৮ চনত ইয়াৰ সঞ্চালক পদ গ্ৰহণ কৰে আৰু ২০০৫ চনত অৱসৰ লয়৷

২০০৭ চনত “নতুন সময়” কাকতৰ সম্পাদক হিচাপে যোগদান৷

২০২২ চনৰ ২ চেপ্তেম্বৰ(পুৱতি নিশা ২-৫০ মিনিট)ত পৰলোকপ্ৰাপ্তি৷

ড° প্ৰফুল্ল মহন্তৰ ৰচনাৰাজিঃ

১) অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস

২)জনগোষ্ঠীয় চেতনাঃআত্মপ্ৰতিষ্ঠাৰ প্ৰশ্ন

৩) অসমীয়া জাতীয়তাবাদৰ উৎস প্ৰসংগ

৪) সমাজ সংস্কৃতি ইতিহাস ইত্যাদি ৫)জনজাতীয় স্বাধিকাৰ আন্দোলন আৰু বড়ো জাতি সত্তা

৬) বড়োভূমিৰ উচুপনি

৭) বিষয় : জনজাতিৰ মৰ্মবেদনা ৮)ঐতিহাসিক প্রেক্ষাপটত জনজাতীয় সমস্যা শংকৰদেৱ আৰু বড়ো জাতি ৯)ঐতিহাসিক প্রেক্ষাপটত খিলঞ্জীয়াৰ অস্তিত্বৰ সংকট আৰু অনুপ্ৰৱেশৰ সমস্যা

১০) খিলঞ্জীয়াৰ সুৰক্ষা আৰু জাতি জনগোষ্ঠীৰ ঐক্যৰ সূত্ৰধাৰ বড়োসকল ১১)হিন্দুবাদ - বর্ণবাদ বিধ্বস্ত অসমীয়া জাতীয়তাবাদ আৰু নৱজাগ্রত জনজাতীয় চেতনা

১২) আধুনিক অসমীয়া সাহিত্য : সামাজিক - বৌদ্ধিক পটভূমি আৰু অন্যান্য

১৩) সমাজনায়ক শংকৰদেৱ --ঐতিহাসিক প্ৰেক্ষাপট

উপন্যাসঃ

১৪) সোণাইৰ সোঁত 

১৫)ইতিহাসে ৰিঙিয়ায়

১৬) মিলিত প্রয়াস ( ‘ আমাৰ প্ৰতিনিধি’ত প্ৰকাশিত - গ্রন্থাকাৰে অপ্রকাশিত )

[উৎসঃ“ড° প্ৰফুল্ল মহন্ত জীৱন আৰু অন্বেষণ”গ্ৰন্থ , সম্পাদনাঃঅজিত কুমাৰ ভূঞা,জিতেন্দ্ৰলাল শৰ্মা) )।

তেওঁৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰে। 'প্ৰথিতযশা সাহিত্যিক, শিক্ষাবিদ, চিন্তাবিদ তথা আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, অসমৰ প্ৰাক্তন সঞ্চালক ড° প্ৰফুল্ল মহন্ত অতুলনীয় সৃষ্টিৰাজিৰে অসমৰ বৌদ্ধিক তথা সাহিত্য জগতক সমৃদ্ধ কৰি থৈ গৈছে। তেওঁৰ বিয়োগত আমি অসমৰ জাতীয় জীৱনৰ এগৰাকী স্বনামধন্য ব্যক্তিক হেৰুৱালোঁ।" - ড° প্ৰফুল্ল মহন্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ সাংসদ সৰ্বানন্দ সোণোৱালে এনেদৰে উল্লেখ কৰে। ড° প্ৰফুল্ল মহন্তৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সোণোৱালে গভীৰ সমবেদনা জ্ঞাপন কৰে। নিৰলস সাধনাৰে মহন্তই অসমৰ সমাজ জীৱনলৈ যি অনবদ্য অৱদান আগবঢ়াই থৈ গ'ল, সেয়া চিৰস্মৰণীয় হৈ ৰ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।বিশিষ্ট চিন্তাবিদ আৰু লেখক ডঃ প্ৰফুল্ল মহন্তৰ জীৱনাৱসানত চি পি আই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে গভীৰ শোক প্ৰকাশ কৰিছে। ডঃ মহন্তই অসমৰ সমাজ জীৱনৰ বিভিন্ন দিশ গৱেষণা কৰি বৌদ্ধিক জগতখনলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাসৰ প্ৰণেতা ডঃ মহন্তই জাতীয়তাবাদ আৰু বিভিন্ন জাতি-জনজাতিৰ সমস্যা সম্পৰ্কে আগবঢ়োৱা বিশ্লেষণ আছিল অনন্য আৰু একক। এইটো অত্যন্ত দুৰ্ভাগ্যজনক যে অসম চৰকাৰে তেওঁক তেওঁৰ প্ৰাপ্যখিনিৰ পৰাও বঞ্চিত কৰি ৰাখিলে। আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি প্ৰতিষ্ঠানৰ সঞ্চালক হিচাপে থকাৰ সময়তে তেওঁ পাব লগা ৪৫ লাখ টকাৰ পৰা বঞ্চিত কৰি ৰখাটোৱে অসমৰ সমাজ জীৱনলৈ বিশিষ্ট বৰঙণি আগবঢ়াই অহা সকলৰ প্ৰতি অসম চৰকাৰৰ আওকণীয়া দৃষ্টিভংগীৰ জ্বলন্ত উদাহৰণ।ডঃ প্ৰফুল্ল মহন্তৰ মৃত্যু অসমৰ বাবে এক অপুৰণীয় ক্ষতি। চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে ডঃ প্ৰফুল্ল মহন্তলৈ গভীৰ শ্ৰদ্ধা জনোৱাৰ লগতে তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here