মহানগৰীত বিদ্যালয় -মহাবিদ্যালয়ৰ প্ৰধান শিক্ষক, অধ্যক্ষক সম্বৰ্ধনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 5 September 2022

মহানগৰীত বিদ্যালয় -মহাবিদ্যালয়ৰ প্ৰধান শিক্ষক, অধ্যক্ষক সম্বৰ্ধনা

 


বে-চৰকাৰী স্বেচ্ছাসেৱী সংস্থা 'বৰলুইত' আশাৰ ৰেঙণিৰ উদ্যোগত এই সম্বধৰ্না অনুষ্ঠান 


W7s news গুৱাহাটী: নতুনকৈ কেইজনমান উদ্যমী যুৱকৰ উদ্যোগত গঢ় লৈ উঠা বৰলুইত আশাৰ ৰেঙণিয়ে নামৰ সংস্থাটোৱে আজি শিক্ষক দিৱসৰ পৱিত্ৰ দিনটোত অশেষ ত্যাগ আৰু পৰিশ্ৰমেৰে সমাজ জীৱনলৈ অৱদান আগবঢ়াই অহা শিক্ষক সকলক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ বে-চৰকাৰী স্বেচ্ছাসেৱী সংস্থাটোৱে মহানগৰীৰ শিক্ষাবিদ ড° অমৰজ্যোতি চৌধুৰী, কটন কলেজিয়েট , কামৰূপ একেডেমী, তাৰিনী চৌধুৰী বহুমুখী বিদ্যালয় , জ্যেষ্ঠ সাংবাদিক তথা আসাম স্কুল অৱ জাৰ্ণেলিজিম প্ৰতিষ্ঠাপক মনোৰম গগৈ , মালিগাঁওস্থিত ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয় প্ৰাক্তন অধ্যক্ষ ড° এডিচন আলি, প্ৰবক্তা তথা সাংস্কৃতিক সংগঠনক ড° দিপেন দাস,  জ্যেষ্ঠ শিক্ষাবিদ ড° দয়ানন্দ পাঠককে আদি কৰি মহানগৰীৰ কেইবাখনো আগশাৰীৰ বিদ্যালয় মহাবিদ্যালয়ৰ প্ৰধান শিক্ষক অধ্যক্ষক জনোৱা হয় সম্বৰ্ধনা । শিক্ষানুষ্ঠান আৰু নিজ নিজ বাসগৃহলৈ গৈ সংস্থাটোৰ সদস্যসকলে আন্তৰিকতাৰে সম্বৰ্দ্ধনা জনায় ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here