W7s news গুৱাহাটী : বিশিষ্ট সমাজ কৰ্মী, চিপিআই (এম-এল)ৰ নেতা মন্তেশ্বৰ ৰহাঙৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নুনমাটিস্থ ইউনাইটেড ৱৰ্কমেন ইউনিয়নৰ কাৰ্যালয়ত আজি অনুষ্ঠিত হয়। চিপিআই (এম-এল)ৰ গুৱাহাটী মহানগৰ সমিতিৰ আহ্বানত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি সভাত সভাপতিত্ব কৰে শ্ৰমিক নেতা ধীৰাজ দাসে। সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰি গুৱাহাটী মহানগৰ সমিতিৰ সম্পাদক পংকজ কুমাৰ দাসে কয়, নুনমাটি, চন্দ্ৰপুৰৰ পৰা সোণাপুৰ লৈকে সামাজিকভাৱে জনপ্ৰিয় কমৰেড মন্তেশ্বৰ ৰহাং বোন্দা অঞ্চলৰ বিদ্যালয়, মহাবিদ্যালয়, বিভিন্ন ক্ৰীড়া আৰু সামাজিক, সাংস্কৃতিক সংগঠনৰ অন্যতম প্ৰতিষ্ঠাপক আছিল, তেওঁ একে সময়তে বোন্দা আঞ্চলিক ট্ৰাইবেল সংঘ, গাওঁৰক্ষী বাহিনীৰ নেতৃত্ব প্ৰদান কৰিছিল। সাধাৰণ দৰিদ্ৰ ৰাইজৰ সৈতে গভীৰ আত্মীয় সম্পৰ্ক গঢ়াৰ মাজেৰে জনপ্ৰিয় হৈ পৰা মন্তেশ্বৰ ৰহাঙে চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দৰিদ্ৰ ৰাইজৰ মাটিৰ পট্টাৰ অধিকাৰ, ভূমিৰ অধিকাৰ, আমচিং বনাঞ্চলত বহু দশক বাস কৰি অহা জনজাতি ৰাইজৰ বনভূমিৰ অধিকাৰৰ আন্দোলনত নেতৃত্ব দিছিল আৰু বেআইনী উচ্ছেদৰ বিৰুদ্ধে ৰাইজক সংগঠিত কৰিছিল। লগতে অঞ্চলটোৰ সকলো ধৰণৰ উন্নয়নমূলক কাম কাজত অগ্ৰণী ভূমিকা লৈ আহিছিল। তেওঁ ২০০৬ চনত বিধান সভা নিৰ্বাচনত চিপিআই (এম-এল)ৰ প্ৰাৰ্থী হিচাপে দিছপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল। মন্তেশ্বৰ ৰহাঙৰ মৃত্যু বাওঁপন্থী আন্দোলন তথা সমাজৰ অপূৰণীয় ক্ষতি। ইয়াৰ পিছত ৰহাঙৰ স্মৃতিত এক মিনিট সময় মৌনতা অৱলম্বন কৰা হয় আৰু শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। সভাত বিশিষ্ট সংগীত শিল্পী লোকনাথ গোস্বামী, দলৰ ৰাজ্যিক সদস্য নৰেন বৰা, এ আই চি চি টি ইউৰ ৰাজ্যিক সভাপতি বীৰেণ কলিতা, ইউনাইটেড ৱৰ্কমেন ইউনিয়নৰ সাধাৰণ সম্পাদক গিৰীশ কলিতা, কাৰ্যকৰী সভাপতি দেৱজিৎ ভাগৱতী, উপ সভাপতি প্ৰণৱ দুৱৰা, কৃষক মহাসভাৰ ওমপ্ৰকাশ মহতু, চান্দদেউ মহতু আদিয়ে অংশগ্ৰহণ কৰি কমৰেড মন্তেশ্বৰ ৰহাঙে সমাজৰ সামগ্ৰিক উন্নয়ন আৰু বাওঁপন্থী আন্দোলনলৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে বক্তব্য দাঙি ধৰে।
Post Top Ad
Responsive Ads Here
Thursday, 8 September 2022

বিশিষ্ট সমাজ কৰ্মী, চিপিআই (এম-এল)ৰ নেতা মন্তেশ্বৰ ৰহাঙৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment