নেপালী ভাৰতীয় ভাষাত নিৰ্মিত ছবি 'প্ৰেম গীত ৩' ৰ প্ৰচাৰৰ বাবে গুৱাহাটীত ইণ্ডিয়ান আইডল বিজয়ী পৱনদ্বীপ ৰাজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 10 September 2022

নেপালী ভাৰতীয় ভাষাত নিৰ্মিত ছবি 'প্ৰেম গীত ৩' ৰ প্ৰচাৰৰ বাবে গুৱাহাটীত ইণ্ডিয়ান আইডল বিজয়ী পৱনদ্বীপ ৰাজন

 



W7s news ষ্টাফৰিপোৰ্টাৰ : ছবিৰ কোনো ভাষা নাথাকে আৰু সংস্কৃতিৰ কোনো প্ৰাচীৰ নাথাকে। ছবিৰ বিষয় বস্তু ঠিক থাকিলে, ইয়াৰ কাহিনীয়ে মানুহৰ হৃদয় চুব পাৰিলে সেই ছবি বলিউড, হলিউড বা যি ভাষাতেই নহওঁক কিয় চলিবই বা মানুহে ইয়াক আঁকোৱালি লবই। সেই বাবেই সুদূৰ বৰফাবৃত ২, ৩ বা শূণ্য ডিগ্ৰী চেলচিয়াছ উষ্ণতাত হিমালয়ৰ পাদ দেশত শ্বুটিং কৰা নেপালী আৰু ভাৰতীয় ভাষাৰ সংমিশ্ৰণত নিৰ্মিত ছবি 'প্ৰেম গীত ৩'ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গুৱাহাটীত আহি উপস্থিত হল ইণ্ডিয়ান আইডল বিজয়ী সুমধুৰ কন্ঠৰ অধিকাৰী কাশ্মীৰৰ পৰা কণ্যাকুমাৰিলৈ কোটি কোটি লোকৰ মন প্ৰাণ কাঢ়ি নিয়া বহু জনপ্ৰিয় গায়ক পৱনদ্বীপ ৰাজন সহ 'প্ৰেম গীত ৩' শীৰ্ষক দ্বিভাষিক ছবি খনৰ নেপথ্যৰ দলটো আহি আজি গুৱাহাটীত উপস্থিত হয়। ছবি খনৰ সংগীত পৰিচালক আৰু গায়ক হল এই পৱনদ্বীপ। আজি এক সংবাদ মেলত উপস্থিত থাকি পৱনে তেওঁৰ প্ৰিয় কেইবাটাও বলিউড বাষ্টাৰ গীত পৰিৱেশন কৰে । তেওঁ লগতে অসমীয়াত গোৱা তেওঁৰ প্ৰিয় গান 'পগলা ফাগুনে' উটুৱাই শীৰ্ষক গানটো গাই উপস্থিত সকলোৰে মনত প্ৰাণৰ সঞ্চাৰ কৰে। সাংবাদিকে হিন্দী চিনেমা খন প্ৰসাৰৰ বাবে অসমলৈ অহাৰ কাৰণ সোধাত তেওঁ কয় যে ইণ্ডিয়ান আইদল খ্যাত শ্ব'টোত অসমৰ বহু লোকে তেওঁক সহায় আৰু সমৰ্থন কৰিছিল। তেওঁলোকে মোৰ গান শুনি ভাল পাইছিল। তাতে অসমত নেপালী বহু লোক আছে,  তেঁওলোকৰ নেপালী ছবিৰ প্ৰতি এক সহজাত দুৰ্বলতা আছে। তদুপৰি এখন ছবি কেৱল ব্যৱসায়ৰ বাবেই বনোৱা নহয়, ইয়াৰ দ্বাৰা এটা জাতি, এখন দেশ বা এক ভৌগোলিক খণ্ডকো মানুহৰ কাষ ছপাই অনা হয়। তেওঁ লগতে কয় যে ছবিখনক ইতিমধ্যেই নানা পাটেকাৰ, মণীষা কৈৰালা আদিয়ে সমৰ্থন কৰিছে আৰু প্ৰচাৰত সহায় কৰিছে। ছবি খন অহা ২৩ ছেপ্টেম্বৰত গুৱাহাটীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ উপৰি বিশ্বৰ ৫৫ খন দেশত মুকলি কৰি দিয়া হব।  আজিৰ সংবাদ মেলত ছবি খনৰ ট্ৰেলাৰ মুকলি কৰা হয়। সংবাদ মেলত মূলত প্ৰেম কাহিনী আৰু নানা ঘাট প্ৰতিঘাট তথা  একশ্যনৰ সংমিশ্ৰণত নিৰ্মিত ছবি খনৰ প্ৰেম আৰু গীত শীৰ্ষক মূল চৰিত্ৰ দুটাৰ জনপ্ৰিয় নেপালী অভিনেতা প্ৰদীপ খেদকা আৰু অভিনেত্ৰী কৃষ্টিনা গুৰুঙৰ উপৰি ছবি খনৰ প্ৰযোজক সুভাষ কালে, প্ৰশান্ত গুপ্ত  উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here