গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাকৰিত মূকাভিনয় কৰ্মশালাৰ সামৰণি অনুষ্ঠান - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Saturday, 10 September 2022

demo-image

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাকৰিত মূকাভিনয় কৰ্মশালাৰ সামৰণি অনুষ্ঠান

Responsive Ads Here

 




W7s news গুৱাহাটী : গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপনৰ সাংস্কৃতিক উপ- সমিতিৰ আমন্ত্ৰণ ক্ৰমে ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমিৰ উত্তৰ-পূৰ্ৱ মণ্ডলৰ উদ্যোগত আৰু বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ-সন্থাৰ সহযোগত প্ৰসন্নলান চৌধুৰী ছাত্ৰ- জিৰণি কোঠাত সাদিনীয়াকৈ আয়োজিত মূকাভিনয় কৰ্মশালা সামৰণি অনুষ্ঠান ৫ ছেপ্টেম্বৰত  শিক্ষক দিৱসৰ লগত সংগতি ৰাখি ড° বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত সঙ্গীত নাটক অকাডেমীৰ বিচ্চমিলাহ খান বটাঁ‌ প্ৰাপক কুলদ্বিপ পাটগিৰি পৰিচালিত নিৰ্বাক কাব্য নামৰ মূকাভিনয় অনুষ্ঠান পৰিৱেশন কৰা হয়। এই মূকাভিনয় অনুষ্ঠানটি উদ্বোধন কৰে বিশিষ্ট চলচিত্ৰ ৰ্নিমাতা ,পৰিচালক মঞ্জু বৰাই। পোনপ্ৰথমে শিক্ষক দিৱস উপলক্ষে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত বন্তি প্ৰ্জ্বলন কৰা হয় লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ কল্যাণ সঞ্চালক তথা বিশিষ্ট লোক-সংস্কৃতি বিদ প্ৰবীণ চন্দ্ৰ দাসৰ পবিত্ৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটি শুভ উদ্বোধন কৰা হয়। এই অনুষ্ঠানটিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণী-সমূহৰ সচিব ধ্ৰুৱজ্যোতি চহৰীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ- কল্যাণ সঞ্চালক ৰঞ্জন কুমাৰ কাকতি, ভাৰতৰ বিশিষ্ট মূকাভিনয় শিল্পী তথা সংগীত নাটক অকাডেমী বটাঁ‌ প্ৰাপক মইনুক হুক উপস্থিত থাকে। ইয়াৰ উপৰিও অনুষ্ঠানটিৰ আৰম্ভণিতে আদৰণি ভাষণ আগবঢ়াই সংগীত নাটক অকাডেমী তৰফৰ পৰা উত্তৰ- পূৰ্ৱ কেন্দ্ৰৰ প্ৰকল্প সঞ্চালক ড° অৰূপ বৰদলৈ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আদৰণি ভাষণ আগবঢ়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সাংস্কৃতিক উপ-সমিতিৰ আহ্বায়ক অধ্যাপক প্ৰশান্ত শৰ্মাই আৰু কৰ্মশালাৰ সম্পৰ্কত দুৱাষাৰ বক্তব্য আগবঢ়াই কৰ্মশালা মূখ্য প্ৰশিক্ষক কুলদ্বিপ পাটগিৰিয়ে।পোন-প্ৰথমে অনুষ্ঠানটি এটি বন্তি-বন্দনা আৰু গুৰু বন্দনাৰে আৰম্ভ কৰা হয়। ৭০ গচ চাকি জলাই শিক্ষক সকলক উৰ্চগা কৰি প্ৰশিক্ষাৰ্থী সকলে বন্তি বন্দনা পৰিৱেশন কৰে।

IMG-20220910-WA0029

তাৰপিছতে সেউজ, সীতা-হৰণ, হুইল, মূলাগাভৰু নামৰ চাৰিখন মূকাভিনয়ৰ নাটিকা পৰিৱেশন কৰে। এই কৰ্মশালা অনুষ্ঠানটিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপৰিও অসমৰ বিভিন্ন ঠাইৰ  ৩৫ ৰও অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে, অনুষ্ঠানটিৰ শেষত প্ৰত্যেক অংশগ্ৰহণকাৰীক সংগীত নাটক অকাডেমী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ-সন্থাৰ তৰফৰ পৰা একোখনকৈ প্ৰমাণ -পত্ৰ প্ৰদান কৰা হয়। বিশিষ্ট চলচিত্ৰ নিৰ্মাতা মঞ্জু বৰাই মুকাভিনয়ৰ এই অনুষ্ঠানটিয়ে  মূকাভিনয়ক এক নতুন মাত্ৰা প্ৰদান কৰা বুলি মন্তব্য আগবঢ়ায়। এই মূকাভিনয় কৰ্মশালাৰ সহকাৰী প্ৰশিক্ষক হিচাপে উপস্থিত আছিল মন্টু সেন, কংকণ তালুকদাৰ,বৰষা শৰ্মা, মঞ্জিত কাকতি, প্ৰীতম, বনলতা বৈশ্য, আৰু এই গোটেই কৰ্মশালাটিৰ সাংগঠিনক ব্যৱস্থাপনাৰ দায়িত্বত আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ-সন্থাৰ সাংস্কৃতিক সম্পাদিকা দিশা শৰ্মা ।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *