W7s news গুৱাহাটী:বি এন আই ব্ৰহ্মপুত্ৰৰ উদ্যোগত আৰু স্বস্তিক ইনভেচমেণ্ট সহযোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ পল্টন বজাৰস্থিত আশি অপ্সৰাত বেপাৰ-২.০ এক শীর্ষক প্রদর্শনীৰ আয়োজন কৰা হয়। বেপাৰ ২.০ শীৰ্ষক প্ৰদৰ্শনীত মুখ্য অতিথি হিচাবে উপস্থিত থাকি উদ্যোগপতি কৈলাশ চন্দ্ৰ লোহিয়াই আনুষ্ঠানিকভাবে উদ্বোধন কৰে। উক্ত অনুষ্ঠানটোত ৫০ ৰো অধিক ব্যৱসায়িক প্রতিষ্ঠানে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ প্ৰদৰ্শন কৰে। বেপাৰ-২.০ হৈছে চহৰৰ আটাইতকৈ জনপ্ৰিয় আৰু ডাঙৰ ব্যৱসায়িক অনুষ্ঠান। এইটো বি এন আইৰ দ্বিতীয় সংস্কৰণ। সকলোৱে এটা চালৰ তলতেই সকলো সামগ্রী লাভ কৰিবলৈ সক্ষম হয়। উৎসৱৰ বতৰত এই অনুষ্ঠানে ব্যৱসায়ীসকলক বিনিময় প্রথাৰ জৰিয়তে সকলো দিশতেই লাভান্বিত কৰি আহিছে। এই সন্দৰ্ভত বি এন আইৰ গুৱাহাটী শাখাৰ কাৰ্যবাহী সঞ্চালক সিদ্ধার্থ গাৰোডিয়াই কয় যে বি এন আইক উদ্ভাৱন আৰু সৃষ্টিশীলতাৰ বাবে জনাজাত। বি এন আই-এ ২ ফেব্ৰুৱাৰী ২০২০ ত বেপাৰ শীৰ্ষক অনুষ্ঠানৰ প্ৰথম সংস্কৰণ আৰম্ভ কৰিছিল। আজিৰে পৰা দুদিনীয়া কৈ বেপাৰ-২.० দ্বিতীয় সংস্কৰণ আৰম্ভ হৈছে। এই অনুষ্ঠানে বিশেষ সফলতা লাভ কৰিব পাৰিব বুলি বি এন আইৰ ব্ৰহ্মপুত্ৰৰ সভাপতি বিশাল কুমাৰ মৌৰে আশা প্ৰকাশ কৰে। বেপাৰ-২.০ ৰ সমন্বয়ক অবিনাশ জালান আৰু বিশাল খেমানীয়ে কয় যে বেপাৰ-২.০ অনুষ্ঠানে ব্যবসায়ীসকলৰ লগতে দৰ্শনাৰ্থীসকলৰ মাজত যথেষ্ট সম্ভাবনা গঢ়ি তুলিব। উক্ত প্রদর্শনীত বিভিন্ন সামগ্রী বিশেষকৈ বীমা, মিছুৱেল ফাণ্ড, ৰিয়েল ষ্টেট, ছফটৱেৰ, কম্পিউটাৰ আদিকে ধৰি বিভিন্ন প্ৰতিষ্ঠানৰ সামগ্ৰী প্ৰদৰ্শন আৰু সেৱা প্ৰদান কৰা হ'ব। প্রদর্শনীতে ৩ হাজাৰো অধিক দর্শনার্থীয়ে অংশগ্ৰহণ কৰিব বুলি আশা প্রকাশ কৰিছে। ইপিনে, প্ৰদৰ্শনীৰ লগতে বি এন আইয়ে মাৰোৱাৰী যুৱ মঞ্চ, গুৱাহাটী চহৰৰ শাখাৰ সহযোগত আজি এক ৰক্ত দান শিবিৰ অনুষ্ঠিত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বিকাশৰ বাবে চিত্ৰাংকণ প্রতিযোগিতা, লাকী ড্ৰ আৰু খেল-ধেমালিৰ আয়োজন কৰিছে । বি এন আই সফল সংগঠন যিটো সংগঠনৰ ৭৫ দেশৰ ২,৮৯,৪০৩ সদস্য আছে। এতিয়ালৈকে ১০৭২৩ টা শাখা চলি আছে। বি এন আই গুৱাহাটীৰ বৰ্তমান ৩৯৭ সদস্য আৰু ৭ টা শাখা আছে।
Post Top Ad
Responsive Ads Here
Saturday, 10 September 2022

বি এন আই ব্ৰহ্মপুত্ৰৰ উদ্যোগত গুৱাহাটীত 'বেপাৰ ২.০' শীর্ষক প্ৰদৰ্শনী আৰম্ভ
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment