অসম প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত জ‍্যেষ্ঠ বিষয়া ভূধৰ ফাটোৱালীৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 19 September 2022

অসম প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত জ‍্যেষ্ঠ বিষয়া ভূধৰ ফাটোৱালীৰ মৃত্যু

 



W7s news গুৱাহাটী: অসম প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত জ‍্যেষ্ঠ বিষয়া  ভূধৰ ফাটোৱালীৰ  ১৮ ছেপ্টেম্বৰত গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৯ বছৰ। 

উল্লেখযোগ্য, তিনিচুকীয়া জিলাৰ ডাঙৰীত জন্মগ্ৰহণ কৰা ভূধৰ ফাটোৱালী বিশিষ্ট সাহিত্যিক দণ্ডীধৰ ফাটোৱালীৰ জ্যেষ্ঠ পুত্ৰ আছিল। দীৰ্ঘদিন ধৰি  জটিল ৰোগত আক্ৰান্ত হৈ থকা সত্বেও প্ৰচণ্ড মনোবল আৰু জীৱনৰ প্ৰতি থকা ইতিবাচক দৃষ্টিভংগীৰ বাবেই ৰোগক জয় কৰি এক সুন্দৰ আৰু সুদীৰ্ঘ জীৱন যাপন কৰিবলৈ তেওঁ সক্ষম হৈছিল।  প্ৰয়াত ফাটোৱালীয়ে তেওঁৰ "ভিন্ন এক মহাভাৰত" শীৰ্ষক আত্মজীৱনীমূলক গ্ৰন্থখনত নিজৰ বৈচিত্ৰময় জীৱন পৰিক্ৰমাৰ লগতে পিতৃ দণ্ডীধৰ ফাটোৱালীৰ বিষয়েও ভালেমান কথা লিখি থৈ গৈছে। মৃত্যুৰ সময়ত তেওঁ পুত্ৰ গৌতম ফাটোৱালী, কন্যা কাকলি শইকীয়া, বোৱাৰী জোৎস্নাময়ী শইকীয়া, নাতি-নাতিনীসহ ভালেমান আত্মীয়-স্বজন এৰি যায়।  উল্লেখযোগ্য, তেওঁৰ পৰিবাৰ নয়নবালা দেৱীৰ (ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী) ১৯৮৬ চনতেই পৰলোকপ্ৰাপ্তি ঘটিছিল। প্ৰয়াত ফাটোৱালী ৰঙিয়া অঞ্চলৰ বহুতো সামাজিক অনুষ্ঠানৰ সৈতে জড়িত আছিল, বিশেষকৈ ৰঙিয়া কলেজৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অন্যতম৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here