কল্পনা দাস সোঁৱৰণী একাংকিকা নাট প্ৰতিযোগিতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 19 September 2022

কল্পনা দাস সোঁৱৰণী একাংকিকা নাট প্ৰতিযোগিতা

 






W7s news  গুৱাহাটী: গুৱাহাটীৰ উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত প্ৰথমবাৰৰ বাবে কল্পনা দাস সোঁৱৰণী একাংকিকা নাট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতা ২০ ছেপ্টেম্বৰত বিয়লি ৪ বজাৰ পৰা আৰম্ভ হ'ব। কাৰ্যসূচী অনুসৰি বিয়লি ৪ বজাত নৱগ্ৰহ শিশু নাট্য দল গুৱাহাটীৰ উদ্যোগত অমৰ কুমাৰ শৰ্মাৰ ৰচনা আৰু গৌৰাংগ ডেকাৰ পৰিচালনাৰেনাটক 'লুকাভাকু' মঞ্চস্থ কৰা হ'ব। সেইদৰে সন্ধিয়া ৫ বজাত ৱেলনেছ চেন্টাৰৰ তথা অমৃত পাঠকৰ ৰচনা পৰিচালনাৰে মঞ্চস্থ কৰা হ'ব  নাটক 'হাত', সন্ধিয়া ৬ বজাত কটন বিশ্ববিদ্যালয় নাট্যগোষ্ঠীৰ উদ্যোগত দীপক কুমাৰ গগৈৰ ৰচনা আৰু পৰিচালনাৰে মঞ্চস্থ কৰা হ'ব নাট পেণ্ডুলাম, সন্ধিয়া ৭ বজাত সাউকুছি,লখৰা, গুৱাহাটীৰ নাটক 'মইনা আহিব' মঞ্চস্থ কৰা হ'ব। নাটকখনৰ ৰচনা আৰু পৰিচালনা অঞ্জন শর্মা। নিশা ৮ বজাত মঞ্চস্থ কৰা হ'ব শংকৰ নাট্য সংঘ, খাৰঘুলি গুৱাহাটীৰ নাটক 'এনিশা'। নাটক খনৰ ৰচনা আৰু পৰিচালনা ভৱেশ কলিতাৰ। আনহাতে বিয়লি ৩ বজাত মঞ্চ উদ্বোধন কৰা হ'ব আৰু নিশা ৯.৩০ বজাত বঁটা বিতৰণী সভা অনুষ্ঠিত হ'ব উদ্যোক্তা সকলৰ হৈ উপাসনা দাসে জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here