নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ সংবাদ মেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 19 September 2022

নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ সংবাদ মেল

 




সৰ্বাধিক বিক্ৰীৰ লেনদেন (ছেল্‌ছ টাৰ্ণ অ'ভাৰ)


• সর্বাধিক লাভ


• সর্বাধিক স্বতন্ত্র মূলধনী ব্যয়।






 এন আৰ এলে ৰূপায়ণ কৰি থকা ডাঙৰ ডাঙৰ প্রকল্পসমূহ সম্পন্ন কৰাৰ ক্ষেত্ৰত দৃঢ়প্রতিজ্ঞ-


  



নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ ২৯সংখ্যক বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত




W7s news ষ্টাফৰিপোৰ্টাৰ:'এন আৰ এলে ৰূপায়ণ কৰি থকা বৃহৎ প্রকল্পসমূহ সম্পন্ন কৰাৰ ক্ষেত্ৰত দৃঢ়প্রতিজ্ঞ-এই ভাষ্য এন আৰ এলৰ অধ্যক্ষ তথা অইলৰ চি এম ডি ড০ আৰু ৰথৰ। সোমবাৰে নুমলীগড় ৰিফাইনেৰীৰ গুৱাহাটীৰ নাৰ্ছাৰীস্থিত কাৰ্যালয় অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয়-এই প্রকল্পসমূহৰ ভিতৰত নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্প, পাৰাদ্বীপ নুমলীগড় খাৰুৱা তেল পাইপলাইন আৰু পাৰাদ্বীপত খাৰুৱা তেল আমদানি টার্মিনেল, ২জি ইথানল প্রকল্প আৰু ভাৰত-বাংলাদেশ বন্ধুত্ব পাইপলাইন প্রমুখ। কোম্পানীটোৱে অগন্তক ৫ বছৰত ৩৫,০০০ কোটি টকাতকৈ অধিক বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে।

 এই প্রকল্পসমূহৰ সফল ৰূপায়নে দীর্ঘম্যাদী ব্যৱসায়িক বৃদ্ধি সক্ষম কৰাৰ লগতে ৰাজহ আৰু লাভৰ দিশতো অগ্রগতি লাভ কৰিব।সেয়েহে অতিৰিক্ত সময় আৰু ব্যয় নোহোৱাকৈ এই প্রকল্পসমূহ সম্পূৰ্ণ কৰাটো কোম্পানীটোৰ মূল কেন্দ্ৰবিন্দু। কোম্পানীয়ে ২০২০-২২ বিত্তীয় বৰ্ষৰ ভিতৰত ১৫০ শতাংশ লভ্যাংশ ঘোষণা কৰিছে (প্রতি ১০ টকাৰ সম্পূৰ্ণ পৰিশোধ কৰা ইকুইটি শ্বেয়াৰত ১৫.০০ টকাকৈ)। এই লভ্যাংশ কোম্পানীয়ে বছৰটোৰ ভিতৰত ইতিমধ্যে অন্তবর্তীকালীন লভ্যাংশ হিচাপে প্ৰদান কৰিছে।কোম্পানীয়ে ২০২১-২২ বিত্তীয় বৰ্ষটো সফলতাৰে সম্পন্ন কৰে। প্ৰত্যাহ্বান আৰু অনিশ্চয়তা সত্বেও স্থিতিস্থাপকতা, গ্রহণযোগ্যতা, শক্তিশালী ব্যবস্থা আৰু পদ্ধতিসমূহৰ বলত এই সফলতা সম্ভব হয়।সেয়েহে অতিৰিক্ত সময় আৰু ব্যয় নোহোৱাকৈ এই প্রকল্পসমূহ সম্পূৰ্ণ কৰাটো কোম্পানীটোৰ মূল কেন্দ্ৰবিন্দু হৈ পৰিছে।বিত্তীয় বৰ্ষ ২০২১-২২ৰ সময়ছোৱাত নুমলীগড় ৰিফাইনেৰীয়ে ২৩ টিএমটি আমদানি কৰা খাৰুৱা তেল অন্তভুক্তিৰে ২,৬২৪ টিএমটিৰ গ্ৰুপুট লাভ কৰিছে। শোধনাগাৰে প্ৰথম বছৰতে ১,১২২ কে এল ইথানল ত্ৰিণেৰে নিজৰ শিলিগুৰি আৰু নুমলীগড় মার্কেটিং টার্মিনেলত মটৰ স্পিৰিট (পেট্রল)ত ১০ শতাংশ ইথানলৰ শিল কৰিবলৈ সক্ষম হয়। ই চলিত বিত্তীয় বৰ্ষত আৰু অধিক গতি লাভ কৰিছে। সামূহিক উন্নয়ন আৰু সৰ্বজন হিতার্থে এন আৰ এলে কোম্পানীটোৰ কৰ্পোৰেট সামাজিক দায়ৱন্ধতা আঁচনিৰ জৰিয়তে সমাজৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰি আহিছে। যোৰহাট মেডিকেল কলেজ আৰু হস্পিটেল (জে এম চি এইচ)ত ১২০ খন বিচনাযুক্ত অস্থায়ী ক’ভিড হাস্পতাল এখন স্থাপনকে ধৰি মাজুলীৰ অসামৰিক চিকিৎসালয়ত ৫খন বিচনাযুক্ত এটা আই চি ইউ ৱাৰ্ড স্থাপন কৰে। বছৰটোৰ অন্য এক উল্লেখযোগ্য দিশ হৈছে সমাজৰ বৃহত্তৰ স্বাৰ্থৰ বাবে এন আৰ এলে বৰপেটা মেডিকেল কলেজ হাস্পতালত ৰেডিয়চন ব্লক স্থাপন কৰিছে ।

সংবাদ মেলত এন আৰ এলৰ পৰিচালন সঞ্চালক বি জে ফুকনে কয়- এইবাৰ আমাৰ বিত্তীয় প্ৰদৰ্শন যথেষ্ঠ ভাল হৈছে আৰু যোৱা বছৰতকৈ এইবাৰ লাভ ভাল হৈছে আৰু আমি এই বছৰ প্ৰকল্প তিনিটা কৰি আছো।এটা হ'ল ৰিফাইনেৰী এক্সফান্সন প্ৰজেক্ট ৩.৯মিলিয়ন টন এটা আমি বায়' ৰিফাইনেৰী কৰি আছো। সেইটো প্ৰজেক্ট ৭৫ শতাংশ কাম সম্পূৰ্ণ হৈছে।আন এটা হ'ল ইণ্ডো বাংলা ফ্ৰেইণ্ডিশ্বিপ। সেইটো হ'ল ১ মিলিয়ন ডিজেল সৰবৰাহ কৰিব পৰা পাইপ লাইন ডাল আমি বনাই আছোঁ। সেইটো চিলিগুৰিৰ পৰা বাংলাদেৰ পাৰ্বতী পূৰ ১৩০কিঃমিঃ দৈৰ্ঘৰ পাইপ লাইন। সেইটো বেছিকৈ দৰ্কাৰ হ'ব যেতিয়া আমাৰ ডিজেল কেপাচিটি বোৰ ৯ মিলিয়ন হ'ব। ডিজেল পেট্ৰ'ল এটা সীমিত জীৱনকাল আছে এটা সময়ত গৈ এইটোৱে ইথানলে টেক অভাৰ কৰিব। এইটো ইমিডিয়েট ভিভিছত নহয়।উল্লেখ্য, গুৱাহাটীৰ এন আৰু এল কাৰ্যালয়ত নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ ২৯ সংখ্যক বাৰ্ষিক সাধাৰণ সভা এন আৰ এলৰ অধ্যক্ষ তথা অইলৰ চি এম ডি ড০ আৰ ৰথৰ সভাপতিত্বত মঙলবাৰে অনুষ্ঠিত হয়। এই সভা সভাত উপস্থিত থাকে এন আৰ এলৰ এম ডি বি জে ফুকন, এন আৰ এল ব'ৰ্ডৰ অন্যান্য সদস্য আৰু কোম্পানীটোৰ শ্বেয়াৰহোল্ডাৰসকল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here