আৰক্ষী বিষয়া তাহেৰউদ্দিন আহমেদলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিশেষ সন্মান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 6 September 2022

আৰক্ষী বিষয়া তাহেৰউদ্দিন আহমেদলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিশেষ সন্মান

 

 


W7s news গুৱাহাটী : আৰক্ষী বিষয়া তাহেৰউদ্দিন আহমেদলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিশেষ সন্মান আগবঢ়োৱা হৈছে৷ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধিনস্থ ব্যুৰো অৱ পুলিচ ৰিচাৰ্চ এণ্ড ডেভেল’পমেন্ট নামৰ সংস্থাটোৰ দ্বাৰা ২০২০-২১ বৰ্ষৰ “আৰক্ষী প্ৰশিক্ষণৰ উৎকৃষ্ট পাৰদৰ্শিকতাৰ প্ৰশিক্ষকৰ বঁটা” গ্ৰহণ কৰাৰ বাবে অসম আৰক্ষীৰ, এ.পি.আৰ.অ’ প্ৰশিক্ষণ বিদ্যালয়ৰ জ্যেষ্ঠ প্ৰশিক্ষক তথা উপ-পৰিদৰ্শক তাহেৰউদ্দিন আহমেদক আমন্ত্ৰণ জনাইছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে৷ চলিত বছৰৰ ৯ চেপ্তেম্বৰত বি.পি.আৰ.এণ্ড,ডি.ৰ মুখ্য কাৰ্যালয়ত উক্ত বঁটা প্ৰদান কৰা হ’ব৷ উল্লেখ্য, কেন্দ্ৰীয় অৰ্ধ-সামৰিক বাহিনীৰ বি.এচ.এফ, চি.আৰ.পি.এফ, চি.আই.এচ.এফ, এন.এচ.জি.কে ধৰি অসম, বিহাৰ, হাৰিয়ানা, দিল্লী, জে.এণ্ড.কে, কৰ্নাটক, মধ্যপ্ৰদেশ, তেলেঙ্গানা, চি.ডি.টি.আই. জয়পুৰ, চি.এ.পি.টি.ভূপাল, চি.ডি.টি.


আই.চণ্ডিগড়ৰ ১৫ গৰাকী আৰক্ষী বিষয়া-জোৱানক “ব্যুৰো অৱ পুলিচ ৰিচাৰ্চ এণ্ড ডেভেল’পমেন্টৰ ৫২ সংখ্যক প্ৰতিষ্ঠা দিৱসত এটা মেডেল, এখন স্ক্ৰ’ল আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ মুখ্য সচিৱ অজয় কুমাৰ ভাল্লাই৷ বি.পি.আৰ.এণ্ড.ডিৰ মুখ্য কাৰ্যালয়ৰ নোডেল অফিচাৰ প্ৰশিক্ষণ বিভাগৰ সহকাৰী সঞ্চালক জিতেন্দ্ৰ যাদৱে পত্ৰযোগে অৱগত কৰে৷ অৰক্ষী বিষয়া তাহেৰউদ্দিন আহমেদ উক্ত বঁটা গ্ৰহণ কৰাৰ বাবে ইতিমধ্যে নিউ দিল্লীলৈ ৰাওনা হৈছে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here