শিক্ষকৰ আত্মহত্যাৰ ঘটনাই উদঙাইছে চৰকাৰৰ শিক্ষক প্ৰীতি - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Tuesday, 6 September 2022

demo-image

শিক্ষকৰ আত্মহত্যাৰ ঘটনাই উদঙাইছে চৰকাৰৰ শিক্ষক প্ৰীতি

Responsive Ads Here

 

শিক্ষক ৰাজেন বণিয়াৰ ঘৰত উপস্থিত ধেমাজি জিলা তৃণমূল কংগ্ৰেছ


W7s news ধেমাজি

IMG-20220906-WA0051

:  শিক্ষক দিৱসৰ দিনাই আত্মহননৰ সিদ্ধান্ত লৈছিল ধেমাজি গোগামুখ এগৰাকী শিক্ষকে। ত্ৰিশ বছৰে বিনা বেতনে শিক্ষাদান কৰি অৱশেষত জীৱনৰ ওচৰত হাৰ মানি চৰম সিদ্ধান্ত লোৱা গোগামুখৰ ৰাজেন বণিয়াৰ ঘৰত আজি উপস্থিত হয় ধেমাজি জিলা তৃণমূল কংগ্ৰেছৰ এটা সজাতি দল৷ জিলা সভাপতি বাবুল সোণোৱালৰ নেতৃত্বত ছজনীয়া দলটোৱে ৰাজেন বণিয়াৰ শোক সন্তৰ্প পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে শিক্ষক দিৱসৰ দিনাই এনে ধৰণৰ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাৰ বাবে ৰাজ্য চৰকাৰ আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ শিক্ষক দিৱসৰ দিনাই শিক্ষকে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত ল’ব লগীয়া হোৱা ঘটনা অসমবাসীৰ বাবে লজ্জাজনক বুলি অভিহিত কৰাৰ লগতে এই ঘটনাই ৰাজ্য চৰকাৰৰ শিক্ষকপ্ৰীতি উদঙাই দিয়া বুলি ক্ষোভ উজাৰে৷ চৰকাৰে নতুনকৈ আৰু কোনো বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা নহ’ব বুলি ঘোষণা কৰা কাৰ্য ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষকৰ জীৱনলৈ চৰম অনিশ্চিয়তা নমাই আনিছে বুলি উল্লেখ কৰাৰ লগতে বাকী থকা অপ্ৰাদেশীকৃত বিদ্যালয় সমূহ প্ৰাদেশীকৰণ কৰাৰ দাবী জনায়৷ ধেমাজি তৃণমূলৰ সভাপতি বাবুল সোণোৱালে বণিয়াৰ পৰিয়ালক চৰকাৰে উপযুক্ত ক্ষতিপুৰণ প্ৰদান কৰাৰ দাবী জনায়৷

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *