খাদ্য ব্যৱসায়ী পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ মেলাৰ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 14 September 2022

খাদ্য ব্যৱসায়ী পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ মেলাৰ আয়োজন

 


W7s news গুৱাহাটী : খাদ্য সুৰক্ষা আয়ুক্তালয় অসমৰ অধীনত আৰু কামৰূপ মহানগৰ জিলা খাদ্য সুৰক্ষা বিভাগৰ দ্বাৰা গুৱাহাটী আমবাৰী সাৰ্বজনীন দুর্গা মন্দিৰ ফটাশিল আমবাৰী তিনিআলিত ১৬ ছেপ্টেম্বৰত এখন খাদ্য ব্যৱসায়ী পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ মেলাৰ আয়োজন কৰা হৈছে।উক্ত মেলাত যিসকল খাদ্য ব্যৱসায়ী লগত জড়িত প্রতিষ্ঠানে এতিয়ালৈকে অনুজ্ঞাপত্র বা পঞ্জীয়ন কৰা নাই তেওঁলোকৰ প্ৰতিষ্ঠানৰ নথি-পত্ৰ সমূহ আহি একেদিনাই অনলাইন ব্যৱস্থাৰ দ্বাৰা পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ লাভ কৰিব পাৰিব। খাদ্য ব্যৱসায়ীসকলে তেওঁলোকৰ অনুজ্ঞাপত্ৰ পঞ্জীয়নৰ আবেদন সমূহ www.foscos.fssai.gov.in ৱেব চাইটৰ জৰিয়তে আগতিয়াকৈও কৰি থব পাৰিব। পুৱা ১০ বজাত আৰম্ভ হ'ব লগীয়া মেলাত কামৰূপ মহানগৰ খাদ্য সুৰক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়াৰ লগতে প্ৰায়বোৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকি অনুজ্ঞাপত্ৰ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here