উজানবজাৰ বাৰোৱাৰীত দুৰ্গা নামৰ প্ৰতিযোগিতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 5 September 2022

উজানবজাৰ বাৰোৱাৰীত দুৰ্গা নামৰ প্ৰতিযোগিতা

 



 W7s news গুৱাহাটী :- গুৱাহাটীৰ উজানবজাৰ বাৰোৱাৰী পূজা মণ্ডপ সমিতিয়ে এইবছৰ ১৩৩ সংখ্যক দুৰ্গা পূজাভাগ পাতিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷ জাকজমকতা আৰু ব্যয়বহুলতা পৰিহাৰ কৰি আগৰ বছৰবোৰৰ দৰে এইবাৰো শাস্ত্ৰীয় বিধিবিধান আৰু বৈদিক ৰীতিনীতিৰে পূজাভাগ অনুষ্ঠিত কৰা হ'ব ৷দুৰ্গা পূজাভাগ আৰম্ভ হোৱাৰ আগমূহুৰ্ত্তত ৩০ ছেপ্তেম্বৰ শুকুৰবাৰে পবিত্ৰ শুক্লা পঞ্চমীৰ দিনা দিনৰ ১০ বজাৰ পৰা উজানবজাৰ বাৰোৱাৰী পূজা মণ্ডপ সমিতিৰ মহিলা শাখাই আয়োজন কৰা শ্ৰীশ্ৰী দুৰ্গা গোঁসানীৰ নামৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ৷ ইচ্ছুক প্ৰতিযোগী সকলৰ বাবে যোগদানৰ শেষ দিন ২৫ ছেপ্তেম্বৰ নিৰ্দ্ধাৰণ কৰা হৈছে ৷ প্ৰয়োজন সাপেক্ষে ৯৭০৭১৫৫৭৭৭ আৰু ৯৯৫৪১২৮৬৯০ মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব ৷ প্ৰতিযোগিতাৰ ফলাফল সেইদিনাই ঘোষণা কৰা হ’ব ৷ প্ৰথম পুৰস্কাৰ আঠ হাজাৰ টকা, দ্বিতীয় পুৰস্কাৰ সাত হাজাৰ টকা, তৃতীয় পুৰস্কাৰ ছয় হাজাৰ টকা আৰু উদগনি বঁটা এহাজাৰ টকা ৷ প্ৰথম তিনিটা পুৰস্কাৰৰ লগত শৰাই গামোছা আৰু সাতখনকৈ চাদৰ দিয়া হব ৷ প্ৰতিযোগী দলসমূহত আয়তীৰ সংখ্যা সাত গৰাকীৰ বেছি হ'ব নালাগিব বুলি আয়োজক সকলে জনাইছে ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here