W7s news নিউজ ডেস্ক:বিশ্ববিখ্যাত অস্কাৰ চলচ্চিত্ৰ বঁটাৰ চুটি ছবি প্ৰতিযোগিতাৰ শাখালৈ প্ৰবেশ কৰিছে উদীয়মান যুৱক মহৰ্ষি তুহিন কাশ্যপৰ চুটি ছবি।মহৰ্ষি তুহিন কাশ্যপৰ 'মোৰ ঘোঁৰাৰ দূৰন্ত গতি' (The Horse from Heaven) ছবিখন এইবাৰ একাডেমী Awards অৰ্থাৎ Oscarত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হৈছে। অলপতে হৈ যোৱা বাঙ্গালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় প্রতিযোগিতা শাখাত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰাৰ লগে লগে ই অস্কাৰৰ বাবে যাবলৈ যোগ্যতা অর্জন কৰে। উল্লেখ্য যে যিকোনো চুটি ছবি অস্কাৰৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ প্ৰথমে অকাডেমিয়ে নিজে বাছনি কৰা চলচ্চিত্ৰ মহোৎসৱৰ শ্রেষ্ঠ ছবি ৰূপে পৰিগণিত হোৱাটো বাধ্যতামূলক। মহৰ্ষি তুহিন কাশ্যপৰ ছবিখনেই হৈছে প্ৰথম অসমীয়া চুটি ছবি যিয়ে অস্কাৰৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰিছে। মূলতে ছবি খনৰ কাহিনী এজন ওজাপালি কৰি ফুৰা পালিৰ যি নিজৰ ঘোঁৰা তোক পৃথিৱীৰ সৰ্বত্ৰ বেগী ঘোঁৰা বুলি ভাবি তাক চহৰলৈ লৈ গৈ থাকে ঘোঁৰা দৌৰ প্ৰতিযোগিতাত দৌৰাবলৈ। পিছে তেওঁৰ ঘোঁৰাটো আচলতে ঘোঁৰা নহয়, এটা গাধহে। উল্লেখনীয় যে এই ছবিখনত অসমৰ থলুৱা কৃষ্টি ওজাপালিৰ ব্যৱহাৰেৰে ছবিখনৰ কাহিনীভাগ আগ বাঢ়ে। এই ছবি খনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অসমৰ জ্যেষ্ঠ অভিনেতা অতুল পাচনিয়ে। লগতে ছবি খনত অভিনয় কৰিছে স্নেহাংকৰ চক্ৰৱৰ্তী, অভিজিত নাগ, গৌৰৱ হালৈ, আশীষ সেটাৰ্জী, সনাতন কৰ্মকাৰ আদিয়ে। ছবি খনৰ কাৰিকৰী বিভাগ সমূহত কাম কৰা সকল Satyajit Ray Film and Television Institute ৰ ছাত্ৰ-ছাত্ৰী। উক্ত প্ৰতিষ্ঠানটিৰ পাঠ্যক্ৰমৰ অন্তৰাধীন হিচাপে 'মোৰ ঘোঁৰাৰ দুৰন্ত গতি' ছবিখনৰ নিৰ্মান কৰা হৈছিল। চিত্ৰনাট্য আৰু পৰিচালনা মহৰ্ষি কাশ্যপে কৰাৰ লগতে ছবিখনৰ বিভিন্ন মূল দিশ সমূহত কাম কৰিছে প্ৰযোজক নিলাঞ্জনা ৰুদ্ৰা, দৃশ্য-গ্ৰহণকাৰি অৰ্ণব লাহা, শব্দ বিভাগত অৰ্ণব বৰা আৰু সোমনাথ গগৈ, সম্পাদক পুলকিত ফিলিপ, দৃশ্য সজ্জাত বিপীন ৰহিল্লা আদিয়ে। ছবি খনত নেপথ্যত ওজাপালি গাইছে ওজা নয়ন জ্যোতি নাথ আৰু পালি নগেন ডেকা, ভলাৰাম নাথ, ৰূপজ্যোতি চৌধুৰী আৰু দ্বীপ জ্যোতি নাথে। ছবি খনত বিশাল শৰ্মা, তন্ময় সাউদ, সুনালিকা দাস আদিয়ে সহকাৰী পৰিচালক হিচাপে কাম কৰিছে। কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, হিমালয়ান চলচ্চিত্ৰ মহোৎসৱকে ধৰি আন কেইবাখনো চলচ্চিত্ৰ মহোৎসৱত ছবিখন প্ৰদৰ্শিত হৈ কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। মেক্সিকোত থকা চিনেতেকা ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত এই ছবিখনৰ এক বিশেষ দৰ্শনী অনুষ্ঠিত হৈছিল।
No comments:
Post a Comment