পূণ্য তিথিত অটল বিহাৰী বাজপেয়ীক স্মৰণ ৰাজ্যিক বিজেপিৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 16 August 2022

পূণ্য তিথিত অটল বিহাৰী বাজপেয়ীক স্মৰণ ৰাজ্যিক বিজেপিৰ

 


ৰাজ্যিক বিজেপিৰ ৪০ খন সাংগঠনিক জিলাৰ লগতে বুথ আৰু মণ্ডল পর্যায়ত অটল বিহাৰী বাজপেয়ীক সোঁৱৰণ


W7s news গুৱাহাটী: প্রাক্তন প্রধানমন্ত্রী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ পূণ্য তিথি

উপলক্ষে আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত এক স্মৃতিচাৰণ

সভা অনুষ্ঠিত হৈ যায়। বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত অটল বিহাৰী বাজপেয়ীৰ প্ৰতিছব্বিত মাল্যপণ কৰাৰ লগতে তেওঁৰ মহান কৰ্মৰাজিক সোঁৱৰণ কৰা হয়। ভাষণ প্ৰসংগত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয়, মহাসাগৰ সম ব্যক্তিত্বৰ অধিকাৰী অটল বিহাৰী বাজপেয়ীৰ জীৱন সম্পর্কে কব বিচৰাটো ধৃষ্টতা মাথো। বাজপেয়ীৰ সমগ্ৰ জীৱন ৰাষ্ট্ৰৰ প্ৰতি সমর্পিত আছিল এনে এজন বৰেণ্য ব্যক্তিৰ আদৰ্শৰে অনুপ্রাণিত হৈ সমাজৰ বাবে কাম কৰিবলৈ পোৱাটো পৰম সৌভাগ্যৰ কথা। তেওঁ কয়, আকর্ষণীয়

ব্যক্তিত্ব আৰু মহান গুনৰ অধিকাৰী বাজপেয়ীৰ সন্মোহিত বক্তব্যই সংসদৰ ভিতৰে, বাহিৰে সকলো বিৰোধীকে সন্মোহিত কৰি ৰাখিছিল। অটল বিহাৰী বাজপেয়ীদেৱক দেশৰ ইতিহাসৰ অন্যতম সফল প্রধানমন্ত্রী হিচাপে অভিহিত কৰি কলিতাই কয়, প্রধানমন্ত্রী হিচাপে কাৰ্যকাল গ্ৰহণ কৰি থকা অৱস্থাত তেওঁ ‘সৰ্বশিক্ষা’, ‘প্রধানমন্ত্রী গ্রাম চড়ক’ যোজনা আদিৰ দৰে জনহিতৈষী আঁচনিৰ সৃষ্টি কৰি সমাজৰ নিম্ন শ্ৰেণীৰ জনসাধাৰণৰ প্রকৃত উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছিল। তদুপৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি বাজপেয়ীৰ বহু পূৰ্বৰ পৰাই দায়ৱদ্ধতাৰে কাম কৰি গৈছিল। তেওঁৰ নেতৃতত্বইে ভাৰতীয় জনতা পাৰ্টিয়ে অসম আন্দোলনক সমৰ্থন জনাই ১৯৮৩ চনৰ অবৈধ নিৰ্বাচন বর্জন কৰিছিল। সেই সময়ত বাজপেয়ীৰ বহুবাৰ অসম ভ্ৰমণ কৰি অসমীয়াৰ দুখৰ সমভাগী হৈছিল। অনুষ্ঠানত অটল বিহাৰী বাজপেয়ীক সুঁৱৰি সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শৰ্মাই কয় হিমালয় সদৃঢ় উচ্চ চিন্তা, সাগৰ সদৃঢ় বহল মনৰ অধিকাৰী স্বপ্নদ্রষ্টা অটল বিহাৰী বাজপেয়ীয়ে অমূল্য কৰ্মৰ মাধ্যমেৰে দেশ মাতৃলৈ যি অৱদান আগবঢ়াই গৈছে, তাক প্ৰতিজন ভাৰতীয়ই চিৰদিন মনত ৰাখিব।আজিৰ অনুষ্ঠানত সাংসদ কুইন ওজা, মহিলা মৰ্চাৰ সভানেত্রী আঙুৰলতা ডেকা, জ্যেষ্ঠ নেতা ড০ প্রদীপ ঠাকুৰীয়াৰ লগতে দলৰ কাৰ্যকৰ্তা সকল উপস্থিত আছিল। উল্লেখ্য, অটল বিহাৰী বাজপেয়ীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আজি ৰাজ্যিক বিজেপিৰ ৪০ খন সাংগঠনিক জিলাৰ লগতে বুথ আৰু মণ্ডল পৰ্যায়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here