পূব গুৱাহাটী বিহু সন্মিলনৰ উদ্যোগত ৭৬ সংখ্যক স্বাধীনতা দিবস উদযাপন আৰু অভিনন্দন অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 16 August 2022

পূব গুৱাহাটী বিহু সন্মিলনৰ উদ্যোগত ৭৬ সংখ্যক স্বাধীনতা দিবস উদযাপন আৰু অভিনন্দন অনুষ্ঠান



W7s news ষ্টাফৰিপোৰ্টাৰ  : পূব-গুৱাহাটী নিহু সন্মিলনৰ উদ্যোগত সন্মিলনৰ প্ৰাঙ্গনত সন্মিলনৰ সকলো সদস্যৰ উপস্থিতিত ৭৬সংখ্যক স্বাধীনতা দিবসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰ হয়। ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে সন্মিলনৰ সভাপতি বিপুল তালুকদাৰে। অনুষ্ঠানত উপস্থিত আকি সন্মিলনৰ সকলো সভ্যই ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰে। লগতে গুৱাহাটী কর্মাচ কলেজন এন চি চি কেডেট সকলে মার্চ-পার্চ পৰিবেশন কৰে। স্বাধীনতা দিবসৰ কাৰ্য্যসূচীর লগত সংগতি ৰাখি এখন অভিনন্দন অনুষ্ঠানৰ আয়োজন করা হয়। অনুষ্ঠানত সন্মিলনৰ সভ্য সকলৰ সন্তান সকলে এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রী সকলক সম্মীলনৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰাৰ লগতে ছাত্র-ছাত্রী সকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰা হয়। এই অভিনন্দন অনুষ্ঠানও সভাপত্বিত কৰে সম্মিলনৰ সভাপতি বিপুল তালুকদাৰ আৰু উপস্থিত থাকে সম্মিলনৰ মুখ্যপৃষ্টপোষক সুৰেন্দ্র নাথ শৰ্মা,  সন্মিলনৰ প্রধান উপদেষ্টা ৰঞ্জন বৰা, উপদেষ্টা গজেন কলিতা, কোষাধ্যক্ষ প্রমোদ মেধি লগতে অনুষ্ঠানটো পৰিচালনা কৰে সম্মিলনৰ সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াই । লগতে সন্মিলনৰ সদস্য সকলে উক্ত অনুষ্ঠানত কবিতা, গীত, নৃত্য আদি পৰিবেশন কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here