সন্মিলিত কামৰূপ কবি সাহিত্য সাংস্কৃতিক মঞ্চৰ কবি সন্মিলন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 16 August 2022

সন্মিলিত কামৰূপ কবি সাহিত্য সাংস্কৃতিক মঞ্চৰ কবি সন্মিলন

 


W7s news গুৱাহাটী  :  সন্মিলিত কামৰূপ কবি সাহিত্য সাংস্কৃতিক মঞ্চৰ উদ্যোগত গুৱাহাটীৰ সাতমাইলস্থিত  জালুকবাৰী ছোৱালী হাইস্কুল প্ৰাঙ্গণত ১৩ আগষ্টত  এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। জাতীয় পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে  হৃষিকেশ দাসে।  আনহাতে সভাত  সভাপতিত্ব কৰে বিশিষ্ট কবি  চবিন চন্দ্ৰ নাথে । সভাত  সদৌ অসম কবি চক্ৰৰ সভাপতি  অনুপ কুমাৰ তালুকদাৰ ,  সম্পাদকদ্বয়  বিতুমণি গোস্বামী আৰু  হৰেন  চন্দ্র দাস আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে । সভাত সৰ্বসন্মতি ক্ৰমে কবি - সাহিত্যিক  মামণি  কলিতাক সভাপতি, চবিন চন্দ্ৰ নাথক  কার্যকৰী সভাপতি আৰু   হেমন্ত কলিতাক সম্পাদক হিচাপে লৈ  সদৌ অসম কবি চক্ৰৰ কামৰূপ জিলাৰ ২১ জনীয়া কাৰ্যকৰী  কমিটিখন গঠন কৰা হয়।  ইয়াৰ উপৰি

সভাৰ  উপস্থিত থকা কবি সকলে নিজৰ নিজৰ স্ব-ৰচিত দেশপ্ৰেমমূলক কবিতা পাঠ কৰি উপস্থিত সকলোকে আপ্লুত কৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here