আজিৰে পৰা ৰঙামাটিৰ শ্ৰী শ্ৰী দুধকুঁৱৰী পীঠত মাৰৈ পূজা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 16 August 2022

আজিৰে পৰা ৰঙামাটিৰ শ্ৰী শ্ৰী দুধকুঁৱৰী পীঠত মাৰৈ পূজা

 


W7s news গুৱাহাটী : দক্ষিণ কামৰূপৰ বিজয়নগৰৰ গাতে লগা ৰঙামাটিৰ দুধখুড়া পাহাৰৰ টিলাত প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিবেষ্টিত শ্ৰী শ্ৰী দুধকুঁৱৰী পীঠত ৰঙামাটি ৰাইজ গয়ৰহৰ উদ্যোগত অহা ১৭ ,১৮ আৰু ১৯ আগষ্টত তিনিদিনীয়াকৈ মাৰৈ পূজা অনুষ্ঠিত হব । ১৭ আগষ্টৰ সন্ধিয়া ৭ বজাত প্ৰতিমা স্থাপনৰে পূজাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব । ১৮ আৰু ১৯ আগষ্টত দিনৰ ১১ বজাৰ পৰা মাৰৈ পূজাৰ বিশেষ আকৰ্ষণ দেওধনী নাচ অনুষ্ঠিত হব । নিশা ৮ বজাত আৰতি প্ৰদান অনুষ্ঠিত হব । ১৯ আগষ্টত নিশা ১১ বজাত ৰাজহুৱা প্ৰসাদ বিতৰণৰে এইবেলিৰ মাৰৈ পূজাৰ সামৰণি পৰিব । আনহাতে মাৰৈ পূজাৰ কাৰ্যসূচী সুচাৰুভাৱে সম্পন্ন কৰিবলৈ সমাজকর্মী গোলাপ মালাকাৰক সভাপতি , হৰমোহন কলিতা আৰু সুভাষ মালীক উপ সভাপতি , নয়নজ্যোতি শৰ্মাক সম্পাদক , বসন্ত শৰ্মাক সহকাৰী সম্পাদক হিচাপে লৈ এখন কমিটি গঠন কৰা হৈছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here