বৰঝাৰ বিমানবন্দৰৰ পৰা ভূটান , ছিংগাপুৰলৈ পুনৰ আৰম্ভ হ'ব বিমান চলাচল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 16 August 2022

বৰঝাৰ বিমানবন্দৰৰ পৰা ভূটান , ছিংগাপুৰলৈ পুনৰ আৰম্ভ হ'ব বিমান চলাচল

 



W7s news ষ্টাফৰিপোৰ্টাৰ ঃ গুৱাহাটীৰ বৰঝাৰস্থিত  লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা পুনৰ আৰম্ভ হ'ব আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা। মূলত ক'ভিড - ১৯ কেন্দ্ৰীক পৰিস্থিতিৰ বাবে ২০২০ চনৰ মাৰ্চ মাহৰ পৰা গুৱাহাটীৰ পৰা বিদেশলৈ বিমান সেৱা বন্ধ হৈ আছিল । কিন্তু ক'ভিড পৰিস্থিতিৰ উন্নতি হোৱাৰ পৰিপ্ৰেক্ষিতত ভূটান চৰকাৰে আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে । সকলো ঠিকে থাকে থাকিলে  আগন্তক ৩ ছেপ্টেম্বৰৰ পৰা ভূটানৰ পাৰো  আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ  এই বিমান সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে ভুটানৰ  দ্রুক এয়াৰ  নামৰ  বিমান সেৱা প্ৰতিষ্ঠানটোৱে। একমাত্র আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান হিচাপে গুৱাহাটী বিমান বন্দৰৰ পৰা ভূটানলৈ সেৱা মুকলি কৰিব দ্রুক  এয়াৰে। জানিব পৰা মতে  উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটীৰ পৰা প্ৰতিষ্ঠানটোৱে পাৰো  আৰু ছিংগাপুৰলৈ বিমান সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে । বিগত প্রায় আঢ়ৈ  বছৰ ধৰি ভুটানে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীসকলৰ বাবে সেৱা বন্ধ ৰাখিছে। এতিয়া পুনৰ সেৱা মুকলি কৰাৰ পিচত প্রতিষ্ঠানটোৱে গুৱাহাটীৰ পৰা প্ৰতি সপ্তাহত দুদিন বিমান সেৱা আগবঢ়াব। গুৱাহাটীৰ পৰা পাৰুলৈ ১০০ খন আসনযুক্ত এয়াৰ বাছ ৩১৯ চলোৱাৰ সিদ্ধান্ত লৈছে প্রতিষ্ঠানটোৱে। তদুপৰি তেওঁলোকে গুৱাহাটীৰ পৰা ছিংগাপুৰৰ ছাংগী বিমান বন্দৰলৈ বিমান চলোৱাৰ সিদ্ধান্ত লৈছে। গুৱাহাটীৰ পৰা পুনৰ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা আৰম্ভ হোৱাটোৱে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবেই শুভ সংবাদ বুলি মত ব্যক্ত কৰিছে ভাৰত চৰকাৰৰ  অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে। উল্লেখ্য যে অসম চৰকাৰে গুৱাহাটী বিমান বন্দৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ 'ত্বৰান্বিত কৰাৰ বাবে ৫টা নতুন গতিপথত সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। এই নতুন গতিপথকেইটা হৈছে— ম্যানমাৰ, বাংলাদেশ আৰু নেপাল। ৷ ভাৰত চৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় উড়ান আঁচনিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা খণ্ডক নতুন ৰূপ দিয়াৰ প্ৰয়াস কৰিছে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here