আমূল গাখীৰৰ দামৰ পুনৰ বৃদ্ধি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 16 August 2022

আমূল গাখীৰৰ দামৰ পুনৰ বৃদ্ধি

 




১৭ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব নতুন নিৰীখ


W7s news  গুৱাহাটী :পুনৰ বৃদ্ধি হ’ল আমূল গাখীৰৰ দাম।আমূল বা গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেশ্যনে (জিচিএমএমএফ)আমূল গাখীৰৰ মূল্য ২ টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ১৭ আগষ্ট অৰ্থাৎ বুধবাৰৰ পৰা আমূল গাখীৰৰ নতুন নিৰীখ কাৰ্যকৰী হ’ব।আমুল (গোল্ড) গাখীৰৰ ৫০০ মিলিৰ মূল্য এতিয়া ৩১ টকা হ'ব।আধা লিটাৰ আমুল তাজাৰ মূল্য ২৫ টকা আৰু আমুল শক্তিৰ মূল্য প্ৰতি ৫০০ মিলিত ২৮ টকা হ'ব। গাখীৰৰ সামগ্ৰিক ব্যয় আৰু উৎপাদন বৃদ্ধিৰ বাবে এই মূল্য বৃদ্ধি কৰা হৈছে।আমুল কোম্পানীয়ে দিয়া তথ্য অনুসৰি,ইতিমধ্যে আমূল গাখীৰৰ নতুন হাৰ আহমেদাবাদ,গুজৰাট,দিল্লী,মুম্বাই আৰু পশ্চিম বংগত বৃদ্ধি পাইছে। আমূল গাখীৰৰ মূল্য বৃদ্ধি আন সকলো বজাৰত কাৰ্যকৰী হ'ব য'ত আমূলে ইয়াৰ সতেজ গাখীৰ বিপণন কৰি আছে। উল্লেখ্য,এই মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক চিন্তিত কৰি তুলিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here