শতবর্ষ গৰকা পশ্চিম গুৱাহাটীৰ অগপ কর্মী দুখুৰাম কছাৰীৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 16 August 2022

শতবর্ষ গৰকা পশ্চিম গুৱাহাটীৰ অগপ কর্মী দুখুৰাম কছাৰীৰ মৃত্যু

 

W7s news গুৱাহাটী : পশ্চিম গুৱাহাটীৰ আজাৰা অঞ্চলৰ কাষৰীয়া  ৰাজাপানীচান্দাঁ গাওঁ নিবাসী , বয়োজ্যেষ্ঠ নাগৰিক  দুখুৰাম কছাৰীৰ বাৰ্ধক্যজনিত  কাৰণত ১৫ আগষ্টত নিজ গৃহত মৃত্য হয় । কিছুদিন পূৰ্বে ১০০ বছৰ অতিক্ৰম কৰা দুখুৰাম কছাৰী অসম আন্দোলনৰ এজন সক্ৰিয় ভাবে জড়িত থকাৰ লগতে  অসম গণ পৰিষদ দলৰ জন্মলগ্নৰে পৰা জড়িত  আছিল । মৃত্যুৰ সময়ত তেওঁ ৩ জন পুত্ৰ , বোৱাৰী , নাতি - নাতিনীসহ বহু সংখ্যক আত্মীয় - স্বজন এৰি থৈ যায় । অঞ্চলটোৰ অভিভাৱক স্বৰূপ দুখুৰাম কছাৰী  বৃহত্তৰ অঞ্চলটোৰ  বিভিন্ন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত হৈ  আছিল । তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ পাছত অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰীৰ  নেতৃত্বত ৰাণী  আঞ্চলিক  সমিতিৰ এটা দলীয় কৰ্মীৰ দল  তেওঁৰ  বাসগৃহলৈ গৈ  বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি দলীয় পতাকা আৰু এখন ফুলাম গামোচাৰে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ আনহাতে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এটা বিবৃতিত দুখুৰাম কছাৰীৰ মৃত্যু অগপ দলৰ বাবে অপূৰণীয় ক্ষতি বুলি সদৰি কৰি বিদেহী আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here