দৰিদ্রনাৰায়ণ সেৱা সমিতিৰ উদ্যোগত ছাত্র-ছাত্রী সকলৰ ভৱিষ্যত কর্মজীবন সুনিশ্চিত কৰাৰ বাবে আঁচনি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 27 August 2022

দৰিদ্রনাৰায়ণ সেৱা সমিতিৰ উদ্যোগত ছাত্র-ছাত্রী সকলৰ ভৱিষ্যত কর্মজীবন সুনিশ্চিত কৰাৰ বাবে আঁচনি

 



W7s news গুৱাহাটী  : অসমৰ ছাত্ৰ-ছাত্ৰী সকল অন্য ঠাইৰ তুলনাত   বহু পৰিমাণে মেধাসম্পন্ন হোৱা সত্বেও সঠিক আৰু দূৰদৰ্শী দিক্ দর্শনৰ অভাৱত শিক্ষা জীৱন শেষ কৰাৰ পাছত কর্মহীন জীৱন কটাব লগীয়া হয়। এই কর্ম বিমুখিতাক যথাসাধ্য নিম্নগামী কৰাৰ বাবে অসমৰ  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সহযোগত দৰিদ্রনাৰায়ণ সেৱা সমিতিৰ উদ্যোগত ছাত্র-ছাত্রী সকলৰ ভৱিষ্যত কর্মজীবন সুনিশ্চিত কৰা বাবে এখন আঁচনি প্রস্তুত কৰা হৈছে। এই আঁচনিখনৰ জৰিয়তে আমাৰ ছাত্র-ছাত্রী সকলক সভাৰ প্ৰতিযোগীতা মূলক পৰীক্ষা সমূহত অৱতীৰ্ণ হ'ব পৰাকৈ মানসিভাৱে প্ৰস্তুত হ'বলৈ ষষ্ঠ মান শ্ৰেণীৰ পৰাই গতানুগতিক জুলীয়া পাঠ্যক্ৰমৰ লগতে আচুতীয়াকৈ কিছু সময় নিয়মিত ভাবে প্রশিক্ষণ প্রদান কৰা হ'ব। আঁচনিখনৰ সফল ৰূপায়নৰ বাবে দৰিদ্ৰ নাৰায়ণ সেবা সমিতিৰ উদ্যোগত ছাত্র-ছাত্রী সকলে বর্তমানে পঢ়ি থকা বিদ্যালয়খনতে তথা ইয়াৰ বাবে বিশেষ বিদ্যালয় স্থাপনৰ জৰিয়তে সম্ভবপৰ কম মূল্যত ছাত্র শিক্ষাদানৰ ব্যৱস্থা কৰাৰ কথা ভৱা হৈছে। ইয়াৰোপৰি অসমৰ দৰিদ্ৰ মেধাবী ছাত্রীসকলৰ বিকাশৰ বাবে ২০২২ চনৰ ২০ জুনত ঘোষিত অসমৰ  মুখ্যমন্ত্ৰীৰ আৰোহন আচনিৰ মূল বিষয় বস্তু সমূহো তেওঁৰ অনুমতি সাপেক্ষে এই আচঁনিৰ অন্তর্ভূক্ত কৰা হ'ব। অসমৰ প্ৰতিজন সচেতন পিতৃ-মাতৃয়ে এই আঁচনি খনৰ প্ৰতি ইতিবাচক সহাঁৰি জনালে আচনিখন সফল হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলো উপকৃত হ'ব। এই সম্পর্কে অভিভাবক সকলক বিস্তৃতভাবে অবগত কৰোৱাৰ উদ্দেশ্যে  ১৮ ছেপ্তেম্বৰত মাছখোৱাৰ আই. টি.এ. কমপ্লেক্সত দিনৰ ১০ বজাৰ পৰা এখনি আলোচনা চক্ৰৰ আহ্বান কৰা হৈছে। এই সভাত অসমৰ  শিক্ষামন্ত্রী, মুখ্যমন্ত্রীৰ শিক্ষা উপদেষ্টা, চেবাৰ অধ্যক্ষৰ লগতে কেইবাজনো আই.এ.এচ. বিষয়াই অভিভাৱক তথা ছাত্র-ছাত্রীসকলক উদ্দেশ্যি ভাষণ প্রদান কৰিব।

এই আলোচনা চক্ৰৰ উদ্দেশ্য আগত ৰাখি অসমৰ বিভিন্ন বিদ্যালয়ত কর্মৰত সমাজ অধ্যয়ন বিষয় পঢ়োৱা শিক্ষাগুৰু সকলৰ মাজত "Teaching of Social Science in School a new thought" এই বিষয়ত এখন ৰচনা প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। উৎকৃষ্ট ৮ খন ৰচনাৰ লিখকক নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। ৰচনা প্রতিযোগিতাত অংশগ্রহণ কৰিব বিচৰা শিক্ষক সকলে 9435005488 নম্বৰত যোগাযোগ কৰিব পাৰে https://daridranarayanse vasamittee.org.in ৱেৱচাইটত চাব পাৰে।

ইয়াৰোপৰি এই দিনটোতে ছাত্র-ছাত্রী সকলক অনুপ্ৰাণিত কৰিব পৰা INSPIRATION নামৰ এখনি মুখপত্ৰৰো শুভ উন্মোচন কৰা হ'ব। গুৱাহাটীৰ আগশাৰীৰ চেটেলাইট চেনেল NEWS LIVE 4. এই কাৰ্যক্রমত প্ৰচাৰ সহযোগী হিচাবে সহায় আগবঢ়াব। এই সম্পৰ্কে দৰিদ্রনাৰায়ণ সেৱা সমিতিৰ কাৰ্যকৰী

সভাপতি পদুম চন্দ্ৰ শৰ্মা আৰু সম্পাদক তৰুণ দত্তই কয়-'নিজৰ সন্তানৰ ভৱিষ্যতৰ প্ৰতি সচেতন প্রতিজন পিতৃ-মাতৃক আমাৰ অনুৰোধ আপোনালোক এই সমিতিৰ সদস্য হৈ আমাক উৎসাহীত কৰক তথা ১৮ ছেপ্তেম্বৰৰ সভাখনত নিজ সন্তানৰ সৈতে উপস্থিত থাকি সভাখন সাফল্যমণ্ডিত কৰক।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here