'মোৰ শেষ গান' ছবিখনৰ শীৰ্ষগীত আৰু প’ষ্টাৰ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 27 August 2022

'মোৰ শেষ গান' ছবিখনৰ শীৰ্ষগীত আৰু প’ষ্টাৰ মুকলি


W7s news গুৱাহাটী: গুৱাহাটীত শনিবাৰে 'মোৰ শেষ গান' ছবিখনৰ শীৰ্ষ গীত আৰু প’ষ্টাৰ মুকলি কৰা হয়। শীৰ্ষ গীতটি মুকলি কৰে বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাই। প’ষ্টাৰখন উন্মোচন কৰাৰ লগতে অনুষ্ঠানটোত ছবিখনৰ এটা টীজাৰো দেখুওৱা হয়। জুবিন গাৰ্গৰ কন্ঠত বাণীবদ্ধ কৰা গীতটোৱে সকলো শ্ৰেণীৰ শ্ৰোতাকে মুগ্ধ কৰিব বুলি গানটোৰ লগত জড়িত গোটেই দলটোৰে বিশ্বাস।


গীতৰ কথা এসময়ৰ অতি সফল গীতিকাৰ বিজয় দুৱৰাৰ। সুৰ দিছে আন এজন সফল সুৰকাৰ অজয় সিংহই। এওঁলোক দুয়ো মুম্বাইৰ নিবাসী। ৯০’ৰ দশকৰ অত্যন্ত জনপ্ৰিয় শিল্পী জিতুল সোণোৱালৰ বেচিভাগ গীতৰ কথা বিজয় দুৱৰাই লিখা। কোনে পাহৰিব পাৰে মৰমী লগৰী, যদি কেতিয়াবা অকলে, মৰমে ধুৱাই নিয়া আদি গীতবোৰ? 

আনহাতে অজয় সিংহৰ সফলতাৰ কাহিনী কিন্তু লিখা হৈছিল মুম্বাই চহৰত। অসমীয়া আৰু বাংলা ভাষাত প্ৰস্তুত “ৰংগীলা মন” গানটো নুশুনা লোক কমেই আছে। সেইটো অজয় সিংহৰ গান। আৰু আছে পাহাৰগঞ্জ ছবিৰ গীতবোৰ। শুনিলে শুনি থাকিবৰ মন যায়। অলপতে মুক্তিলাভ কৰিবলগীয়া ইট্টৰ ছবিৰ সঙ্গীতকাৰো অজয় সিংহ। টেলিভিচনত অজয়ৰ সফলতা একেবাৰে শীৰ্ষ স্হানত। ইণ্ডিয়ান আইডল, ইণ্ডিয়াজ গট টেলেণ্ট,  ঝলক দিখলা জা,  যো জিটা ৱহি চুপাৰষ্টাৰ আদি কিমান অনুষ্ঠানৰেই সঙ্গীত পৰিচালনা কৰা নাই অজয় সিংহই! ওটিটি’ত অজয়ৰ কাম দেখিব জী ফাইভত পৰচায়ী আৰু অভয় এই দুখন চিৰিজত। আৰু আছে অগণন জিংগল আৰু গান। আনকি জুবিন গাৰ্গৰ প্ৰথম হিন্দী গীতৰ এলবাম “য়ুহীঁ কভি”ৰ সুৰ আৰু সঙ্গীতো অজয় সিংহৰ। 

মোৰ শেষ গানৰ শীৰ্ষগীতৰ মাষ্টাৰিং ইউ কে’ৰ ৱেল্চৰ প্ৰখ্যাত হেফড মাষ্টাৰিঙত কৰা হৈছে। প্ৰবাল বৰুৱাৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে প্ৰস্তুত “মোৰ শেষ গান” ছবিখনৰ মূল কাহিনীটো এনে এজন মানুহৰ যি ২৫ বছৰ ধৰি অসমৰ বাহিৰত আছে কিন্তু অসমলৈ এবাৰলৈও যোৱা নাই। অসমলৈ মানুহজনৰ কিন্তু অফুৰন্ত হেঁপাহ। মুম্বাইত থাকিবলৈ লোৱা মানুহজনৰ পুতেক মুম্বাইতে ডাঙৰ হৈছে। হেঁপাহৰ অসমখনলৈ বাৰু মানুহজন যাব পাৰিবনে? পুতেকে বাৰু অসমত কি বিচাৰি পাব? দেউতাকে নিজ জন্মস্হানলৈ কেতিয়াও ঘূৰি নোযোৱাৰ কাৰণটো জানিবলৈ পাবনে?

এনেকুৱা বহুত সাঁথৰৰ উত্তৰ আছে এই ছবিখনৰ কাহিনীত। আৰু আছে মৰম, ভালপোৱা, প্ৰতাৰণা, পাৰিবাৰিক আৰু সামাজিক দ্বেষ আৰু সংঘৰ্ষৰ কথা। ছবিখনৰ শেষত এটি ঘোষাৰে ক্ষমা আৰু সংহতিৰ এক আকুল প্ৰাৰ্থণা আছে। সমন্বয়ৰ এটি বাৰ্তা আছে। 

প্ৰবাল বৰুৱাৰ এই ছবিখনৰ সংলাপ আৰু গীত লিখাৰ উপৰিও প্ৰযোজনাও কৰিছে বিজয় দুৱৰাই। গীতত সুৰ দিয়াৰ লগতে আবহ সঙ্গীতো অজয় সিংহৰ। শব্দ ব্যৱস্হাপনা দেবজিৎ চাংমাই আৰু অমৃত প্ৰীতমৰ। এই গোটেই কেইজনেই মুম্বাইৰ নিবাসী। এওঁলোকৰ কাৰোৱেই জীৱনৰ সতে ছবিৰ কাহিনীটোৰ মিল নাই যদিও নিজ জন্মস্হানৰ প্ৰতি থকা হেঁপাহৰ অনুভূতিখিনি কিন্তু প্ৰতিজনৰ বুকুতেই আছে। ছবিখনৰ সহ প্ৰযোজক হ’ল অসমৰ চিনেমা জগতৰ এক সুপৰিচিতা ব্যক্তি প্ৰিয়ঙ্কা বৰুৱা। ছবিখনৰ লগত মুম্বাইৰ আৰু কলাকুশলী জড়িত হৈ আছে। চিনেমেটোগ্ৰাফাৰ অৰুণ ৱাৰ্মা, সম্পাদক সংকল্প মেশ্বৰাম আৰু ডি আই বিশেষজ্ঞ মলয় ৰয়। তিনিও পুণেৰ এফ টি আই আই’ত চিনেমাৰ শিক্ষা লোৱা মুম্বাইৰ সুপ্ৰতিস্হিত ব্যক্তি। 

মুখ্য চৰিত্ৰ দুটাত অভিনয় কৰিছে অৰ্ঘদীপ বৰুৱা আৰু সৃজনী ভাস্ব মহন্তই। নতুন চিনাকীৰে বন্ধু হৈ পৰা দুয়োৰে চৰিত্ৰ দুটাৰ সম্পৰ্ক কোন দিশে যাব সেয়া দৰ্শকৰ বাবে বেচ আমোদজনক হ’ব বুলি ছবিখনৰ লগত জড়িত লোকৰ বিশ্বাস। 

অভিনয়ত আৰু আছে অসমৰ ন পুৰণি বহুতো শিল্পী। সুপ্ৰতিস্হিত শিল্পী অৰুণ নাথ আৰু মৃদুলা বৰুৱা আছে দুটা অতি গুৰুত্বপুৰ্ণ ভূমিকাত। অতি জনপ্ৰিয় অভিনেতা কমল লোচনো আছে এটা মৰমলগা চৰিত্ৰত। কমলক চাগৈ এনে ৰূপত আগেয়ে দেখা নাই চিনেমাত। আৰু এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত আছে বিভূতি ভূষণ হাজৰীকা। লগতে প্ৰতিভা চৌধুৰী, ৰনাল্ড হুচেইন, অচিন্ত শঙ্কৰ, প্ৰণৱজ্যোতি বৰ্মণ, প্ৰৱীণ দত্ত , ফাৰহান হুচেইন চৈয়দ আৰু সকলোৰে পৰিচিত কৌশিক নাথ। সঙ্গীতত আৰু এজন বিশেষ ব্যক্তি জড়িত হৈ আছে। আয়ান আলি বাঙ্গাশ্ব। শীৰ্ষগীতটি সৰোদত বজাইছে আয়ানে। আয়ান হ’ল প্ৰথম অসমীয়া ছবি জয়মতীত গদাপানিৰ চৰিত্ৰত অভিনয় কৰা ফুনু বৰুৱাৰ নাতিয়েক আৰু বিশ্ববিশ্ৰুত সৰোদ বাদক আমজাদ আলি খানৰ পুতেক। দুটা জ্যোতি সঙ্গীতো আছে ছবিখনত। কণ্ঠদান কৰিছে জনপ্ৰিয় শিল্পী দীপলিনা ডেকা আৰু ৰিত্ৰিচা শৰ্ম্মাই। ঘোষা এটাত কণ্ঠদান কৰিছে অৰূপ জ্যোতি বৰুৱাই। ছবিখনৰ শুভমুক্তি হ’ব অহা ১৪ অক্টোবৰত গোটেই অসমৰ ছবিঘৰত।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here