গুৱাহাটীত বাৰ্বিকিউ নেশ্যনৰ দ্বিতীয়খন ৰেষ্টুৰেণ্ট মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 27 August 2022

গুৱাহাটীত বাৰ্বিকিউ নেশ্যনৰ দ্বিতীয়খন ৰেষ্টুৰেণ্ট মুকলি

 




W7s news গুৱাহাটী:  বাৰ্বিকিউ নেশ্যনে গুৱাহাটীত

শনিবাৰে দ্বিতীয়খন ৰেষ্টুৰেণ্ট মুকলি কৰে। চহৰৰ খাদ্য প্ৰেমীসকলক সেৱা আগবঢ়াবলৈ প্ৰস্তুত, ডাউনটাউনৰ ওচৰৰ উদেষ্ণা বিল্ডিঙত অৱস্থিত ৪৪৭০ বৰ্গফুটৰ এই প্ৰশস্ত আউটলেটটোত ১১৬ গৰাকী লোকৰ বাবে বহাৰ সু-ব্যৱস্থা আছে। ব্যৱসায়িক বৈঠক আৰু পাৰিবাৰিক সময় উদযাপনৰ বাবে এয়া এক উল্লেখযোগ্য স্থান। নান্দনিকভাৱে ডিজাইন কৰা এই আউটলেটটোত ইয়াৰ গ্ৰাহকসকলক এক সুন্দৰ খাদ্য গ্ৰহণৰ অভিজ্ঞতা প্ৰদান কৰা হয়। মুখ্য অতিথি হিচাপে প্ৰমোদ তালুকদাৰ মেম'ৰিয়েল অল্ড এজ হোমৰ জ্যেষ্ঠা নাগৰিক  সুভদ্ৰা দেৱী অনুষ্ঠানটোত উপস্থিত থাকে।

এই বিশেষ উপলক্ষত বৃদ্ধাশ্ৰমখনৰ আন জ্যেষ্ঠ নাগৰিকসকলো উপস্থিত থাকে। অনুষ্ঠানটোত বাৰ্বিকিউ নেশ্যন হস্পিটেলিটি লিমিটেডৰ মুখ্য পৰিচালন বিষয়া ফৈজ আজিমে কয়: “গুৱাহাটীত আমাৰ নতুন আউটলেট মুকলি কৰি মই যথেষ্ট সুখী হৈছো। আউটলেটটোৰ বিশেষ অৱস্থানে অঞ্চলটোৰ চাৰিওফালে ব্যৱসায় বৃদ্ধি কৰাত সহায় কৰিব। আমি আমাৰ আতিথ্যৰ বাবে সুপৰিচিত আৰু মই নিশ্চিত যে আমাৰ আতিথ্যত অতিথিসকল হতাশ নহ'ব।" 

বাৰ্বিকিউ নেশ্যনৰ ইট-অল-ইউ-কেন বুফেত নিৰামিষ আৰু আমিষ উভয় ক্ষেত্ৰতেই নানা তৰহৰ খাদ্যৰ ব্যৱস্থা কৰা হৈছে। প্ৰাৰম্ভিকতে, আমিষ সকলে বিখ্যাত মেক্সিকান চিলি গাৰ্লিক ফিছ, হট গাৰ্লিক চিকেন উইংছ, তন্দুৰী টাংৰী, কাজুন চিক কাবাব, কোষ্টেল বাৰ্বিকিউ প্ৰ’ন্‌ছ আৰু আন বহুতো সুস্বাদু আহাৰ গ্ৰহণ কৰিব পাৰে, আনহাতে নিৰামিষভোজীসকলে আন খাদ্যসমূহৰ লগতে লোভনীয় কুটি মিৰ্চ কা পনীৰ টিক্কা, ৱক টছ্ড চিক কাবাব, শ্ববনম কে মোতি মাছ্‌ৰুম, পুৰী কাবাব, হানী চেচ্‌মে চিনেমন্‌ পাইনেপল্‌ গ্ৰহণ কৰিব পাৰে। আমিষভোজীসকলৰ বাবে মূল খাদ্য তালিকাত আছে চিকেন দম বিৰিয়ানি, ৰাজস্থানী লাল মাচ আৰু ডাম কা মুৰ্গ, আনহাতে নিৰামিষভোজীসকলে পনীৰ বাটাৰ মচলা, মেথি মটৰ মলাই, দাল-এ-দম আৰু ভেজ দম বিৰিয়ানি খাদ্য তালিকাৰ পৰা বাছনি কৰিব পাৰে। লাইভ কাউণ্টাৰত বিভিন্ন ধৰণৰ আমিষ/নিৰামিষ বিকল্প যেনে চিলি ক্ৰিস্পি পুৰী, পালক চাট, মাৰ্গাৰিটা পিজ্জা, কিমা পাৱ্‌ আৰু চিকেন চিক উপলব্ধ।ডেজাৰ্ট শাখাত চকলেট ব্ৰাউনি, ৰেড ভেলভেট পেষ্ট্ৰী, আঙ্গুৰি গুলাব জামুন, কেচৰী ফিৰ্‌নি আৰু আন বহুতো বিকল্প অন্তৰ্ভুক্ত কৰা হৈছে। ৰেষ্টুৰেণ্টত উপলব্ধ কুলফিৰ বিস্তৃত পৰিসৰে অতিথিসকলক যথেষ্ট আকৰ্ষিত কৰিব। এই কুলফিবোৰ বিভিন্ন ফ্লেভাৰ মিহলি কৰি এটা ফ্লেভাৰ তৈয়াৰ কৰিব পাৰি আৰু কেইবাটাও প্ৰিয় ডেজাৰ্টৰ সংমিশ্ৰণ হিচাপেও গ্ৰহণ কৰিব পাৰি।  

গ্ৰাহক সকলে বাৰ্বিকিউ নেশ্যন, তৃতীয় মহলা, উদেষ্ণা বিল্ডিং, হৰি মন্দিৰ পথ, সৰুমটৰিয়া, গুৱাহাটী

সময়: দুপৰীয়া ১২:০০ বজাৰ পৰা ৩:৩০ বজালৈ আৰু সন্ধিয়া ৬:৩০ বজাৰ পৰা ১০:৩০ বজালৈ সু-স্বাদু খাদ্যৰ জুতি লব পাৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here