অনুসূচিত জাতি কল্যাণত সঞ্চালকালয়ত প্ৰশিক্ষণ, সামগ্রী বিতৰণৰ নামত ৫০০ কৌটি টকাৰ কেলেংকাৰী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 3 August 2022

অনুসূচিত জাতি কল্যাণত সঞ্চালকালয়ত প্ৰশিক্ষণ, সামগ্রী বিতৰণৰ নামত ৫০০ কৌটি টকাৰ কেলেংকাৰী

 


প্ৰতি বছৰে অনুসুচিত অহা

৩ হাজাৰ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ-

অসম অনুসূচিত জাতি যুব ছাত্র




W7s news ষ্টাফৰিপোৰ্টাৰ  : অনুসূচিত জাতি কল্যাণত সঞ্চালকালয়ত প্ৰশিক্ষণ, সামগ্রী বিতৰণৰ নামত ৫০০ কৌটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে।

প্ৰতি বছৰে অনুসুচিত জাতিৰ নামত অহা

৩ হাজাৰ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ  উত্থাপন কৰিছে অসম অনুসূচিত জাতি যুব ছাত্র সন্থাই। বুধবাৰে সন্থাৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই অভিযোগ উত্থাপন কৰি সাধাৰণ সম্পাদক নিত্যানন্দ দাসে কয়-একাংশ ঠিকাদাৰ আৰু বিষয়া কৰ্মচাৰীয়ে মিলি অনুসুচিত জাতিৰ নামত অহা কৌটি কৌটি ধন আত্মসাৎ কৰিছে। অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত প্ৰশিক্ষণ, সামগ্রী বিতৰণ আন্ত:গাঁঠনি উন্নয়নৰ নামত

চলিছে বৃহং কেলেংকাৰী। অনুসূচিত জাতি কল্যাণ সঞ্চালকালয় অসমত বাস কৰা ১৬ (ষোল) টা উপজাতি আৰু প্ৰাম বর্তমান ৪০ লাখ লোকৰ আৰ্থসামাজিক উন্নয়নৰ বাবে সংগঠন সমূহৰ দাবী মানি চৰকাৰে ১৯৮২ চনত স্থাপন হৈছিল। বিগত সময়ছোৱাত অনুসূচিত জাতিৰ উন্নয়নৰ বাবে চৰকাৰে শ শ কোটি টকা আবণ্টন দি আহিছে। কিন্তু কার্যক্ষেত্ৰত এই পিছপৰা জাতিটোৰ কোনো ধৰণৰ উন্নয়ন হোৱা দেখিবলৈ পোৱা নগ'ল। উদাহৰণ স্বৰূপে ২০১৯-২০, ২০২০-২১ আৰু ২০২১-২২ বৰ্ষত নিবনুৱা যুবক যুৱতীৰ প্ৰশিক্ষণৰ নামত প্ৰায় ৪ কোটি টকা আরণ্টন দিছিল। প্রশিক্ষণ দিয়া বিষয়কেইটা হৈছে ধূপ কাঠি বনোৱা, ফেশ্বন ডিজাইন, জেকুৱাৰ্ড উইভাৰ, বায়'-ফ্লক ফিছ ফাৰ্ম, আটোমাটিভ ছাৰ্ভিছ টেকনিছিয়ান আদি।

নিয়মমতে বিজ্ঞাপন প্রকাশ কৰি আৰু সাক্ষাৎকাৰ গ্ৰহণ কৰাৰ পিচতে যুৱক-যুৱতী সকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগিছিল, কিন্তু কাৰ্য্যক্ষেত্ৰত কোনো ধৰণৰ বিজ্ঞাপন আৰু সাক্ষাৎকার নোহোৱাকৈ সীমিত যুৱক-যুৱতীক প্ৰশিক্ষণ দি ধনৰাশি আত্মসাৎ কৰাৰ ফন্দি পাতিছে। ইয়াৰোপৰি অনুসূচিত জাতি বসতিপূর্ণ অঞ্চলসমূহত আন্তঃগাঁঠনিৰ নামতো কোটি কোটি টকা আত্মসাৎ কৰি আহিছে। সামগ্ৰী বিতৰণৰ নামত টিনপাত, সাৰ, পাৱাৰ টিলাৰ, ধান কটা মেচিন, তাতশাল, চিলাই মেচিন, প্ৰেচাৰ কুকাৰ আৰু প্ৰে-মেচিন, চেলো ফিলটাৰ ইত্যাদিকে ধৰি বিভিন্ন সামগ্ৰী বিতৰণৰ নামত বৃহৎ কেলেংকাৰী হোৱা তথ্য মজুত আছে। সেয়েহে অসমৰ মুখ্যমন্ত্রী আৰু সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ নৱ-নিযুক্ত মন্ত্রী মহোদয়ক উক্ত বিষয়ত এটা স্ব-জমিন তদন্ত কৰি বিষয়া কৰ্মচাৰীৰ ওপৰত দৃষ্টান্তমূলক শাস্তি দিবলৈ দাবী জনালো । অন্যথা অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থা আৰু অন্যান্য অনুসূচিত জাতিৰ সংগঠনসমূহ একত্ৰিত হৈ সংবিধানের গন্ধীৰ ভিতৰত থাকি বৃহৎ গণতান্ত্রিক আন্দোলন গঢ়ি তোলা হ'ব বুলি আজিৰ এই সংবাদ মেলৰ জৰিয়তে সকীয়াই দিয়া হ'ল। ইয়াৰ উচিত তদন্ত কৰিবলৈ আমি চৰকাৰক দাবী জনালোঁ।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here