আজিও ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত ২৮,১৯০ টা শিক্ষকৰ পদ খালি হৈ আছে-এছ এফ আই
W7s news গুৱাহাটী : অসম চৰকাৰৰ কেবিনেটে তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিজ্ঞান আৰু গণিত বিষয়টো মাতৃভাষাৰ পৰিবৰ্তে ইংৰাজী ভাষাত পঢ়োৱা হ'ব বুলি ঘোষণা কৰিছে। তদুপৰি এখন জিলাত ৫-১০খন নিৰ্দিষ্ট চৰকাৰী বিদ্যালয়ে ষষ্ঠ শ্ৰেণীৰ পৰা মাতৃভাষাৰ মাধ্যম ৰাখি ইংৰাজী মাধ্যমতো শিক্ষা প্ৰদান কৰাৰ স্বাধীনতা থাকিব বুলি কৈছে। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ২০ জুলাইত অনুষ্ঠিত বৈঠকৰ পাছতেই শিক্ষা মন্ত্ৰীয়ে জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু ডি ই ই অ’সকলক এই ক্ষেত্ৰত আগবাঢ়ি যাবলৈ স্পষ্ট নির্দেশনা। এই নিৰ্দেশনাত দেখা গৈছে যে অসম চৰকাৰে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এক উদ্ভট সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে ভৱিষ্যতে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ইংৰাজী ভাষাত দক্ষতা থকাটো বাধ্যতামূলক। এনে সিদ্ধান্ত অযুক্তিকৰ আৰু কোনো কাৰণতে গ্ৰহণযোগ্য নহয়- এইদৰে কয় এছ এফ আইৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি প্ৰতুল বৰ্মন আৰু সাধাৰণ সম্পাদক নিৰংকুশ নাথে। ছাত্র নেতাদ্বয়ে লগতে কয়-শিক্ষক হিচাপে নিযুক্তি পোৱাৰ বাবে তেওঁৰ এটা ভাষা নহয় বৰঞ্চ নিৰ্দিষ্ট বিষয়তহে পাৰ্গত হোৱা উচিত। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত মেধাসম্পন্ন আৰু যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি এটা ভাষা জনাতহে গুৰুত্ব প্ৰদান কৰাতো হাস্যকৰ । আজিও ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত ২৮,১৯০ টা শিক্ষকৰ পদ খালি হৈ আছে। তাৰোপৰি ২,৬৫৯খন অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানৰ প্ৰায় ২৩,৯১০ জন শিক্ষক-কৰ্মচাৰীৰ ভবিষ্যত জীৱন অনিশ্চিত হৈ আছে। অন্যহাতে টিউটৰৰ নাম দি বহু শিক্ষক প্ৰতাৰণা কৰি থৈছে। বহু টে'ট উত্তীৰ্ণ প্ৰাৰ্থীৰো আজিলৈ নিযুক্তি হোৱা নাই। এনে সময়ত মেধাসম্পন্ন শিক্ষক নিযুক্তি দিয়াত গুৰুত্ব নিদি তথা ইংৰাজীত অধিক গুৰুত্ব দি গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তসমূহৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ আৰু ইয়াৰ বিৰুদ্ধে ছাত্ৰ,যুৱক, শিক্ষক সকলোকে ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তোলাৰ আহ্বান জনালোঁ। ইংৰাজী মাধ্যম প্ৰবৰ্তনৰ লগতে ভৱিষ্যতে শিক্ষক নিযুক্তিৰ বাবে ইংৰাজীৰ দক্ষতা বাধ্যতামূলক কৰাৰ সিদ্ধান্ত বাতিল কৰিবলৈ আমি এছ এফ আইৰ ৰাজ্যিক কমিটিয়ে দাবী জনাইছোঁ।'
No comments:
Post a Comment