আটাছু নেতা যাদৱ কোঁৱৰক ৪৮ঘন্টা ভিতৰত ক্ষমা খোজাৰ দাবী কলিতা জনগোষ্ঠী সন্মিলনৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 8 August 2022

আটাছু নেতা যাদৱ কোঁৱৰক ৪৮ঘন্টা ভিতৰত ক্ষমা খোজাৰ দাবী কলিতা জনগোষ্ঠী সন্মিলনৰ

 




কলিতা জনগোষ্ঠীকলৈ তুচ্ছ তাচ্ছিল‍্য কৰা নছলিব


ক্ষমা নুখুজিলে আইনী ব্যৱস্থা

 লোৱা হ'ব 


সংবাদমেল যোগে এই ঘোষণা কলিতা জনগোষ্ঠীক সন্মিলন আৰু ছাত্ৰ সন্থাৰ 


আমি আহোম জনগোষ্ঠীক সন্মান কৰোঁ 


আমাৰ ৫ হাজাৰ বছৰীয়া ইতিহাস আছে সেই কথা যাদৱ কোঁৱৰে জনা উচিত।


W7s news ষ্টাফৰিপোৰ্টাৰ :কলিতা জনগোষ্ঠী সম্মিলনৰ সংবাদ'আটাছু নেতা যাদৱ কোঁৱৰক ৪৮ ঘন্টা ভিতৰত  ক্ষমা খোজাৰ দাবী জনাইছে কলিতা জনগোষ্ঠীৰ সন্মিলনে। সোমবাৰে গুৱাহাটী  প্ৰেছ ক্লাৱত কলিতা জনগোষ্ঠী সন্মিলন, অসম আৰু সদৌ কলিতা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে বিষয় ববীয়া সকলে। সংবাদ মেলত  কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ সাধাৰণ সম্পাদক বিষ্ণু পাটগিৰিয়ে কয়- বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই এটা সমদলত অংশগ্ৰহণ কৰি  আহোম জনগোষ্ঠীক মুর্দাবাদ ধ্বনি দিয়া বিষয়ত ৰাজ্যত থকা ৭০ লাখ কলিতা জনগোষ্ঠীৰ লোকক টাই আহোম ছাত্র সন্থাৰ প্ৰচাৰ সম্পাদক যাদৱ কোঁৱৰে ৪ আগষ্টত সংবাদ মেলৰ জৰিয়তে তুচ্ছ তাচ্ছিল্য কৰা কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। তেওঁ  ৰাজনৈতিক নেত্ৰী আঙুৰলতা ডেকাৰ বিৰুদ্ধে যি মন্তব্য দিয়ে তাত আমাৰ ক'ব লগীয়া একো নাই। কিন্তু কলিতা জনগোষ্ঠীক আক্ৰোশ মূলকভাৱে  সংবাদ মেলৰ জৰিয়তে  'ঢেকেৰী' বুলি কোৱাৰ লগতে কলিতা জনগোষ্ঠীৰ কোনো ইতিহাস নাই বুলি উপলুঙা কৰে।  উজনি অসমৰ এটা জনগোষ্ঠীয় সংগঠনৰ নেতাই বিজেপি নেত্ৰী তথা প্রাক্তন বিধায়িকা আঙুৰলতা ডেকাক সমালোচনা কৰিবলৈ গৈ  কলিতা জনগোষ্ঠীক অসাংবিধানিক, অশ্লীল আৰু অপমানসূচক শব্দৰে যিদৰে তিৰস্কাৰ কৰিলে লগতে নামনি অসমৰ লোকসকলক  অৰুচিকৰ ভাষাৰে তাচ্ছিল্য কৰা কাৰ্য গৰিহণাৰযোগ্য। ইমানতে শেষ নকৰি আটাছু নেতাজনে বিশিষ্ট ইতিহাসবিদ সূর্য কুমাৰ ভূঞা, ড০ বাণীকান্ত কাকতি, মণিৰাম দেৱান আদি কলিতা সমাজৰ চিৰ নমস্য ব্যক্তিসকলকো কটু ভাষাৰে সমালোচনা কৰে। ইয়াৰ পাচতে বিভিন্নজনে প্রতিক্রিয়া প্রকাশ কৰাত নেতাজনে সেয়া তেওঁৰ ব্যক্তিগত মন্তব্য বুলি বিষয়টো গাব দিব বিচাৰে। গোটেই ঘটনাক্রম সন্দৰ্ভত চালি জাৰি চাই কলিতা জনগোষ্ঠীৰ দুই সংগঠনৰ হৈ আমি গৰিহণা দিছোঁ। গোটেই ঘটনাটোৰ সত্যাসত্য দাি লৈ বিভিন্ন সংগঠনৰ ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে। আমাৰ সংগঠন অসমৰ সকলো জাতি জনগোষ্ঠীৰ প্ৰতি সমানে শ্রদ্ধাশীল আৰু কাকো হেয় কৰি অসমীয়া জাতিৰ মাজত ভাঙোন অন্যৰ তীব্ৰ বিৰোধী। আমাৰ জনগোষ্ঠী কোনো বিশেষ ৰাজনৈতিক দলৰ ভোটবেংক নহয় যা তেওঁলোকৰ কাৰ্যসূচীৰ লগত আমাৰ কোনো সম্পর্ক নাই। তেওঁ অহেতুক ভাবে কলিতা জনগোষ্ঠীক বিষয়টো

আনি তীব্র বিদ্বেষ আৰু ঘৃণাৰে আমাক যিদৰে ওপচাই পেলালে সেয়া কোনো খন্তেকীয়া আবেগিক মন্তব্য নহয় বৰঞ্চ দীৰ্ঘদিন ধৰি তেওঁলাকৰ মনৰ মাজত লুকাই থকা ঈর্ষাৰ প্ৰতিফলন মাত্ৰ সেয়া তেওঁৰ মন্তব্যত আৰু সংবাদ মেলৰ পৰিবেশৰ পৰা স্পষ্ট হৈছে|

ইতিহাসৰ পুৰণি ঘা খুচুৰি ঐক্যবদ্ধ অসমীয়া জাতিটোক থানবান কৰাৰ হকে কোনো কাম কৰিবলৈ কলিতা জনগোষ্ঠীৰ লোকসকল ইচ্ছুক নহও নহলে তেনে বহু কটু কথাৰে আমিও প্ৰত্যুত্তৰ

 দিলোহেতেন । পাঁচ হাজাৰ বছৰীয়া ইতিহাস সমৃদ্ধ কলিতা সকলে সদায়ে দেশ আৰু জাতিৰ স্বাৰ্থত তেনে বহু অপমান সহ্য কৰিও নীৰবে অসমীয়া সমাজখনক ঐক্যবদ্ধ আৰু সমৃদ্ধিশালী কৰি ধৰি ৰাখিছে তাক দোহৰাৰ প্ৰয়োজন নাই |আমাৰ স্পষ্ট স্থিতি আটাছূৰ শীৰ্ষ নেতাজনৰ বক্তব্য কোনো কাৰণত তেওঁৰ ব্যক্তিগত মতামত নহয়। সেয়া সংবাদমেল খন আয়োজন কৰাটো ইতিমধ্যে প্রমাণিত হৈছে। গতিকে ইয়াৰ বাবে আটাছু নামৰ সংগঠনটোৰ কেন্দ্রীয় নেতৃত্বই কলিতা জনগোষ্ঠীৰ ওচৰত মার্জনা বিচাৰিব লাগিব |ইয়াৰ অন্যথা গোটেই ঘটনাক্রম সন্দৰ্ভত আমাৰ দুয়োটা সংগঠন ক্ৰমে কলিতা জনগোষ্ঠী সন্মিলন আৰু সদৌ কলিতা ছাত্ৰ সন্থাই আমাৰ স্থিতি পুনৰ বিবেচনা কৰিবলৈ আৰু ন্যায়িক প্রক্রিয়ার মাজলৈ যাবলৈ বাধ্য হ'ব। ইয়াৰ দ্বাৰা কোনো কাৰণত অসমৰ জাতি জনগোষ্ঠী সমূহৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হলে অথবা ভাঙোনমূখী প্রক্রিয়া আৰম্ভ হলে তাৰবাবে সম্পূর্ণ জগৰীয়া হ'ব আটাছুৰ নেতৃত্ব।আমাৰ ৫ হাজাৰ বছৰীয়া ইতিহাস আছে সেই কথা যাদৱ কোঁৱৰে জনা উচিত।কলিতা জনগোষ্ঠীকলৈ তুচ্ছ তাচ্ছিল‍্য কৰা নছলিব। যাদৱ কোঁৱৰে ৪৮ ঘণ্টাৰ ভিতৰত ক্ষমা নুখুজিলে আইনী ব্যৱস্থা লোৱা হ''ব। আমি আহোম জনগোষ্ঠীক সন্মান কৰোঁ।  সেয়েহে এই সংবাদ মেল যোগে ৪৮ ঘন্টাৰ ভিতৰত আটাদূৰ নেতৃত্বক নিজৰ বক্তব্য প্রত্যাহাৰ কৰি কলিতা

জনগোষ্ঠীৰ ৰাইজৰ ওচৰত মাৰ্চনা বিচাৰিবলৈ পুনৰবাৰ আহ্বান জনালোঁ।' সংবাদ মেল যোগে সদৌ কলিতা ছাত্র সন্থাৰ সভাপতি নৱজিৎ বৰ্মন,

সাধাৰণ সম্পাদক দেৱকুমাৰ ডেকা,  কলিতা জনগোষ্ঠী, অসমৰ বিষয় ববীয়া উপস্থিত থাকি আটাছু নেতাজনক ৪৮ ঘণ্টাৰ ভিতৰত ক্ষমা খোজাৰ বাবে দাবী জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here