সদৌ অসম কম্পিউটাৰ শিক্ষক সন্থাৰ সংবাদ মেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 8 August 2022

সদৌ অসম কম্পিউটাৰ শিক্ষক সন্থাৰ সংবাদ মেল

 




মাত্ৰ ৮ হাজাৰ টকাৰ বিনিময়ত ৰাজ্যৰ পাঁচ শতাধিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিয়োজিত হৈ আছে।



বহিৰাগত কোম্পানীয়ে দৰমহাৰ পৰা বঞ্চিত কৰাৰ অভিযোগ


W7s news ষ্টাফৰিপোৰ্টাৰ : '২০০৪ চনৰ পৰা ৰাজ্যৰ বিভিন্ন চৰকাৰী বিদ্যালয়ত নিয়োজিত কম্পিউটাৰ শিক্ষকসকলৰ বিভিন্ন ক্ষেত্ৰৰ সমস্যা আৰু তেওঁলোকে সম্মুখীন হোৱা শোষণ-নিষ্পেষণৰ বাতৰি অসম চৰকাৰে কাহানিও গুৰুত্ব সহকাৰে লোৱা নাই-এই অভিযোগ সদৌ অসম কম্পিউটাৰ শিক্ষক সন্থাৰ। সোমবাৰে সন্থাৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত সন্থাৰ উপ-সভাপতি তপন তালুকদাৰে কয়-  যিটো সময়ত সমগ্ৰ ভাৰতত ডিজিটেল ইণ্ডিয়াৰ সপোন ৰচা হৈছে, যিটো সময়ত কম্পিউটাৰৰ জ্ঞান নথকা ব্যক্তিক নিৰক্ষৰ বুলি কোৱা হৈছে যিটো সময়ত দেশত সপ্তম প্ৰদান কৰি নতুন শিক্ষানীতিৰ আওঁতাত শিক্ষা বিভাগৰ সকলো কামকাজ আগবঢ়োৱাৰ চিন্তা-চৰ্চাৰে আগবা হৈছে- সেইটো সময়ত একাংশ কম্পিউটাৰ শিক্ষকে মাত্ৰ ৮ হাজাৰ টকাৰ বিনিময়ত ৰাজ্যৰ পাঁচ শতাধিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিয়োজিত হৈ বিগত ২০০৪ চনৰ পৰাই মানৱ সম্পদ গঢ়িবলৈ শ্রমদান কৰি আহিছে। এই কম্পিউটাৰ শিক্ষক সকলে অকল শ্রেণীত কম্পিউটাৰৰ পাঠদানেই নহয়, অন্যান্য, বিষয়তো পাঠদান কৰাৰ উপৰিও বিদ্যালয়ৰ কাৰ্যালয়ৰ আনুষংগিক বিভিন্ন কাম-কাজৰ লগতে নিৰ্বাচনৰ দায়িত্ব, উত্তৰ বহী নিৰীক্ষণৰ দায়িত্ব, ক'ভিডৰ দায়িত্ব পালনকে ধৰি বিভিন্ন কাম কাজত জড়িত থাকিও উপযুক্ত পাৰিশ্রমিক তথা মর্যাদা লাভ কৰিব পৰা নাই। অসমত পৰ্যায়ক্রমে ২০০৪ চনৰ পৰা পৰ্যায়ক্রমে ৰাজ্যৰ প্ৰায় ৩৫০০তকৈও অধিক বিদ্যালয়ত চলি অহা ৰাজীৱ গান্ধী কম্পিউটাৰ সাক্ষরতা অভিযান (আৰ জি চি এল পি) আঁচনিৰ জৰিয়তে মেধাভিত্তিত বাচনি পৰীক্ষাৰ জৰিয়তে নিযুক্তি পোৱা কম্পিউটাৰ শিক্ষকসকলক উক্ত আঁচনি বন্ধ কৰি বৰ্তমান চৰকাৰৰ শিক্ষা বিভাগে ২০১৮ চনত পুনৰ ২৪৫২ খন বিদ্যালয় বাচনি কৰি তাত ভ বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা অভিযান আঁচনি (বি কে চি এল পি)ৰ অধীনত নতুন অর্দ্রতা ভিত্তিত (বিশ্ববিদ্যালয়ৰ এবছৰীয়া ডিপ্লোমা আৰু ওপৰোক্ত আঁচনিত কমেও চাৰি বছৰ কাম কৰাৰ অভিজ্ঞতা) মুঠ

১৩৩৯ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নতুনকৈ নিযুক্তি দিয়ে। কিন্তু ১০-১২ বছৰলৈকে অভিজ্ঞতা থকা স্বত্বেও বিশ্ববিদ্যালয়ৰ (ডিপ্লোমা নথকা (শিক্ষা গ্ৰহণ কৰি থকা আৰু বিশ্ববিদ্যালয়ৰ ডিপ্লোমা থকা অথচ চাৰিবছৰৰ ক'ম অভিজ্ঞতা থকাখিনিকো এই নিযুক্তিৰ আৱৰ্তত আনিবলৈ তদানীন্তন শিক্ষামন্ত্রী তথা শিক্ষা আমুক্তক সাক্ষাৎ কৰাত তেওঁলোকে অৰ্হতা সম্পূর্ণ হ'লেই ৰৈ যোৱাখিনিকো নিযুক্তি দিয়া হ'ব বুলি মৌখিক প্রতিশ্রুতি নিছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত অৰ্হতা সম্পূৰ্ণ কৰি নিযুক্তি সম্পর্কে যোগাযোগ কৰিও এই কম্পিউটাৰ শিক্ষকসকল বিফল হৈছিল। আকৌ ইয়াৰে ৫০০খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বহিৰাগত ৰাজস্থানৰে এলপাইয়াৰ্ছ (ALPIERS) নামৰ কোম্পানীৰ অধীনত অবাঞ্ছিতভাৱে পুনৰ লিখিত পৰীক্ষা দিবলৈ বাধ্য কৰাই নিযুক্তি দিয়ে যদিও তেওঁলোকে দৰমহা আৰু অন্যান্য সকলো সুবিধাৰ পৰা দৃষ্টিকটুভাবে ব্যর্থ হৈ আহিছে। এইখিনিতে উল্লেখনীয় যে বিগত সময়ত শিক্ষা বিভাগৰ নির্দেশানুযায়ী এই কম্পিউটাৰ আঁচনিৰ অধীনত কম্পিউটাৰ শিক্ষকসকলৰ দৰমহা ১৪,০০০.০০ লৈ বৃদ্ধি কৰে যদিও একে আঁচনিভুক্ত হৈয়ো কোম্পানীৰ অধীনত নিযুক্ত বিনিয়ো আগৰ ৮,০০০.০০ টকা দৰমহাতেই কাম কৰি থাকিবলগীয়া হৈছে। এই বৈষম্য আঁতৰাই সকলোকে সম-পৰ্যায়ত অধিস্থিত কৰাবলৈ মুখ্যমন্ত্রীক কম্পিউটাৰ শিক্ষকসকলে কাতৰ অনুৰোধ জনাইছে। তদুপৰি বাকী ৰৈ যোৱা বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকল কম্পিউটাৰ শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। গতিকে উক্ত বিদ্যালয়সমূহতো কম্পিউটাৰ শিক্ষক নিযুক্তি যি এই আঁচনিখন ফলপ্ৰসু কৰি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্রীকো টানি অনুৰোধ জনোৱা হৈছে। দেশৰ মানৱ সম্পদ গঢ়াৰ বৃহৎ স্বাৰ্থত আঁচনিৰ পৰা বঞ্চিত হৈ থকা সকলোকে একে আওতালৈ আনি সকলোৰে পদ মর্যাদা নিশ্চিত আৰু স্থায়ীকৰণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰা হ'ল।' সংবাদ মেলত সন্থাৰ উপদেষ্টা সজীৱ বৰা, ৰূপালী ভূঞা, সভাপতি প্ৰকাশ ভূঞা, সম্পাদক মনোজ কুমাৰ রয়, সহকাৰী সম্পাদক উমানন্দ হাজৰিকা আদি উপস্থিত থাকি চৰকাৰক মাহী আইৰ সৃষ্টিৰ সলনি সু-দৃষ্টিৰে চাবলৈ চৰকাৰক অনুৰোধ জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here