শাওন মাহ ; ৰোৱনী-দাৱনীৰে ভৰি পৰিছে ৰাণীৰ খেতিপথাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 8 August 2022

শাওন মাহ ; ৰোৱনী-দাৱনীৰে ভৰি পৰিছে ৰাণীৰ খেতিপথাৰ

 




W7s news ষ্টাফৰিপোৰ্টাৰ  : প্ৰকৃতিৰ চিৰাচৰিত নিয়মৰে শাওনৰ মাহ আৰম্ভ হোৱাৰ পিছত ৰাজ্যৰ বেছিভাগ  খেতিপথাৰতে  বছৰটোৰ বাবে লখিমীক নিজ ঘৰলৈ যাতে আদৰি  নিব পাৰে সেই লক্ষ্যৰে কৃষক , ৰোৱনী , ডাৱনীসকল কৃষি কৰ্মত নামি পৰিছে।  ইফালে  খৰাং আৰু  বানৰ পৰা  তুলনামূলকভাৱে মুক্ত অঞ্চল সমূহত শাওনৰ মাহ আৰম্ভ হোৱাৰ  পাছতে  কৃষকসকল শালি ধানৰ খেতি কৰাৰ বাবে পথাৰত নমা  পৰিলক্ষিত হৈছে। ৰাজ্যৰ আন প্ৰান্তৰ লগতে পশ্চিম গুৱাহাটীৰ শালি ধানৰ খেতিৰ বাবে বিগত বৃহত্তৰ ৰাণী অঞ্চলত কিছু কিছু অঞ্চলত অৱশ্যে আহাৰ মাহৰ শেষ ভাগৰ পৰা আৰু বেছিভাগ অঞ্চলতে  শাওনৰ মাহ আৰম্ভ হোৱাৰ  পৰাই কৃষক সকল হালৰ গৰু, পাৱাৰ টিলাৰ, টেক্টৰ লৈ পথাৰত  নামি পৰা পৰিলক্ষিত হৈছে।  এই সন্দৰ্ভত পশ্চিম গুৱাহাটীৰ কৃষি কৰ্মৰ লগত জড়িত উদ্যমী ব্যক্তি দেউচতালৰ  বলেশ্বৰ ৰংপি ,  তেওঁৰ সহধৰ্মিনী তথা অভিজ্ঞ ৰোৱনী আৰু  আজাৰা গাঁও  পঞ্চায়তৰ  সভানেত্ৰী কবিতা বড়ো ৰংপীকে ধৰি কৃষি কৰ্মত ব্যস্ত একাংশ কৃষকে জানিবলৈ দিয়া মতে  পূৰ্বৰ গৰুৰ সলনি বেছিভাগতে পাৱাৰ টিলাৰ , ট্ৰেক্টৰকে ধৰি কৃষি ক্ষেত্ৰত যান্ত্ৰিক পদ্ধতিৰ বহুল ব্যৱহাৰৰ বাবে উঠি অহা নতুন প্ৰজন্মৰ বহু  শিক্ষিত যুৱক কৃষি খণ্ডত নামি পৰিছে । যিটো অতি শুভ লক্ষণ  । সমান্তৰালভাৱে  শাওন মাহৰ ভিতৰত শালিধানৰ খেতিৰ কামখিনি বা কঠীয়া তথা ভুই ৰুৱ পাৰিলেহে আঘোণ মাহত পথাৰৰ পৰা লখিমীক ঘৰলৈ নিব পাৰিব। আনহাতে  ৰাণীৰ কাষৰীয়া আন্ধেৰীজুলিৰ খেতি পথাৰত বলেশ্বৰ ৰংপী আৰু তেওঁৰ সহধৰ্মিনী কবিতা বড়ো ৰংপীয়ে  ৫ আগষ্টত আন্ধেৰীজুলি পথাৰত পৰম্পৰাগতভাবে  পূজা অৰ্চনা কৰি এগছি  ভূঁই ৰুই প্ৰায়  ১৫  জনী ৰোৱনীৰ সৈতে পথাৰত ভূঁই ৰোৱা উৎসৱৰ শুভাৰম্ভ কৰে ।  তেনেদৰে  ভূঁই ৰোৱাৰ পূৰ্বে পথাৰত পাৱাৰ টিলাৰ চলাই সকলোকে আপ্লুত কৰে প্ৰাক্তন কৃষক নেতা বলেশ্বৰ ৰংপীয়ে । ইতিমধ্যে শাওঁন মাহ শেষ হবলৈ মাজতে মাত্ৰ  কেইটামান  দিন বাকী থকা অৱস্থাত মাহটোৰ ভিতৰতে যিকোনো প্ৰকাৰে ভূঁই ৰোৱা কামটো শেষ কৰিবলৈ কৃষক ৰাইজে কঁকালত টঙালি বন্ধা পৰিলক্ষিত হৈছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here