মুম্বাইস্থিত পোষ্ট হাউচ ষ্টুডিঅ'ত গুৱাহাটীৰ ড্ৰীম হাউচ একাডেমীৰ শিক্ষাৰ্থী নিযুক্তি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 8 August 2022

মুম্বাইস্থিত পোষ্ট হাউচ ষ্টুডিঅ'ত গুৱাহাটীৰ ড্ৰীম হাউচ একাডেমীৰ শিক্ষাৰ্থী নিযুক্তি

 




W7s news ষ্টাফৰিপোৰ্টাৰ:  আকিৰা, টয়লেট এক প্ৰেম কথা আৰু য়ে দিল হে মুস্কিলৰ দৰে চলচ্চিত্ৰৰ কামৰ বাবে বিখ্যাত এক আগশাৰীৰ পোষ্ট প্ৰডাকচন ষ্টুডিঅ' মুম্বাইস্থিত পোষ্ট হাউচে আজি গুৱাহাটীৰ ড্ৰীম হাউচ মিউজিক এণ্ড ফিল্ম একাডেমী আৰু ড্ৰীম হাউচ প্ৰডাকচনজ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ সৈতে ইয়াৰ অংশীদাৰীত্ব আৰু সহযোগিতাৰ কথা ঘোষণা কৰে। এই অংশীদাৰীত্বৰ জৰিয়তে পোষ্ট হাউছে ড্ৰীম হাউচ একাডেমীৰ শিক্ষাৰ্থীসকলক নিযুক্তি দিব আৰু লগতে চলচ্চিত্ৰ উদ্যোগৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে গুৱাহাটীৰ ড্ৰীম হাউচ প্ৰডাকচনজ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ সহযোগত গুৱাহাটীত বিভিন্ন পোষ্ট প্ৰডাকচনৰ কাম সম্পাদন কৰিব। প্ৰাৰম্ভিক পৰ্যায়ত, পোষ্ট হাউচে ড্ৰীম হাউচ একাডেমীৰ পৰা শিক্ষাৰ্থীসকলক নিযুক্তি দিব আৰু তেওঁলোকক তেওঁলোকৰ অধীনত প্ৰশিক্ষাৰ্থী হিচাপে ৰাখিব আৰু প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত তেওঁলোক পোষ্ট হাউচৰ অধীনত বিভিন্ন প্ৰকল্পত নিয়োজিত হ'ব। উল্লেখ্য যে পোষ্ট হাউচৰ সৈতে কাম আৰম্ভ কৰি ৪ জন ভিএফএক্স-এনিমেচন শিক্ষাৰ্থী, প্ৰথম পৰ্যায়ত ১ গৰাকী ছাউণ্ড মিক্সিং মাষ্টাৰিংৰ শিক্ষাৰ্থী নিয়োগ কৰা হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত প্ৰতিষ্ঠানটোৱে মিউজিক প্ৰডাকশ্যন বিভাগৰ শিক্ষাৰ্থীসকলকো নিযুক্তি দিব। আৰম্ভণিতে শিক্ষাৰ্থীসকলক ৬ মাহৰ বাবে ঘৰৰ পৰা কাম কৰিবলৈ বিভিন্ন প্ৰজেক্ট দিয়া হ'ব আৰু সেই ম্যাদ সম্পূৰ্ণ হোৱাৰ পিছত তেওঁলোকে স্থায়ী স্থান লাভ কৰিব। ড্ৰীম হাউচ একাডেমী আৰু ড্ৰীম হাউচ প্ৰডাকচনজ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালিকা নীতা শৰ্মাৰ উপস্থিতিত পোষ্ট হাউছৰ পৰিচালন সঞ্চালক বিজয় বাৰ্মাই আজি এই কথা ঘোষণা কৰে।  শ্ৰীবাৰ্মাই ওড়িয়া, বিহাৰ, পশ্চিম বংগ আৰু লগতে উত্তৰ-পূব ভাৰতৰ সৈতে সমগ্ৰ পূৱ ভাৰত অঞ্চলৰ বাবে বিভিন্ন পোষ্ট প্ৰডাকচন সমাধানৰ বাবে ইয়াৰ সহযোগিতাৰ কথা ঘোষণা কৰে আৰু লগতে গুৱাহাটীত একেখন ছাঁদৰ তলত স্থাপন কৰিব লগীয়া ড্ৰীম হাউচ প্ৰডাকচনজ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডলৈ পোষ্ট হাউচে কাৰিকৰী দল প্ৰদান কৰিব আৰু গুণগত মানদণ্ড নিয়ন্ত্ৰণৰ চোৱাচিতা কৰিব বুলি ঘোষণা কৰে। আনহাতে অদূৰ ভৱিষ্যতে মুম্বাইত চলচ্চিত্ৰ উদ্যোগৰ বাবে ইয়াৰ পৰিকল্পনাও প্ৰকাশ কৰে।

আনহাতে ড্ৰীম হাউচ একাডেমীৰ অভিনয় আৰু মডেলিংৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰখ্যাত অসমীয়া চলচ্চিত্ৰ পৰিচালক চন্দ্ৰ মুদৈয়ে পৰিচালনা কৰিব লগা পাপু-এ পেপাৰ বয় শীৰ্ষক চলচ্চিত্ৰত বিভিন্ন চৰিত্ৰত অভিনয়ৰ সুযোগ প্ৰদান কৰিছে। উল্লেখ্য যে ছবিখনৰ বাবে অডিচন যোৱা ৬-৭ আগষ্টত গুৱাহাটীৰ একাডেমী চৌহদত অনুষ্ঠিত হৈছিল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here