জেহাদীৰ ক্ষেত্ৰত জনপ্রতিনিধিয়ে নৰম স্থিতি লোৱাটো ভাৰতবৰ্ষৰ কাৰণে এটা অশুভ লক্ষণ -অসম গৰিয়া পৰিষদ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 2 August 2022

জেহাদীৰ ক্ষেত্ৰত জনপ্রতিনিধিয়ে নৰম স্থিতি লোৱাটো ভাৰতবৰ্ষৰ কাৰণে এটা অশুভ লক্ষণ -অসম গৰিয়া পৰিষদ

 


আগন্তক ১৫ আগষ্টৰ ভিতৰত অসমীয়া খিলঞ্জীয়া মুছলিমৰ কাৰণে সঞ্চালকালয়ৰ কাৰণে প্ৰায় ৫০০ কোটি টকা আবন্টন কৰাৰ ব্যৱস্থা কৰাৰ দাবী



W7s news ষ্টাফৰিপোৰ্টাৰ : 'আমাৰ মানসিকতা জেহাদীৰ পক্ষপাতিত্বত নাই। পূৰ্বৰ পৰাই আমাৰ জেহাদীৰ সৈতে কোনো সম্পৰ্ক নাই। আমিনুল ইছলামৰ জেহাদী সৈতে আছে নেকি? তেওঁ গম পাই নেকি জেহাদী আছে নে নাই? -এইদৰে কয় অসম গৰিয়া পৰিষদৰ সভাপতি আব্দুল হামিদে। মঙলবাৰে অসম গৰিয়া পৰিষদ,অসমীয়া মুছলিম পৰিষদ আৰু প্ৰাক্তন চাহ জনজাতি জলহা সমাজৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত অসম গৰিয়া পৰিষদৰ সভাপতি আব্দুল হামিদে লগতে কয়-আমিনুল ইছলামৰ দৰে ব্যক্তিয়ে জেহাদীক সুৰক্ষা দিবলৈ গৈ উচতনিমূলক বক্তব্য দিছে।

আজমল পন্থী ভাৰত ৰাষ্ট্ৰ বিৰোধী। এ আই ইউ ডি দলে বিজেপিক সাম্প্ৰয়িক দল বুলি  কয় কিন্তু ৰাজ্যসভাত বিজেপিক ভোট দিয়ে। তিনি তালাককলৈ, হিজাবকলৈ  আজমল পন্থী, কংগ্ৰেছ দলে লেতেৰা ৰাজনীতি কৰি আছে। তেওঁলোকে মুছলমান মহিলাক ভাত ৰন্ধাত ব্যস্ত ৰাখিব বিচাৰে, বহু কেইটা সন্তান জন্ম দি ভোটৰ জৰিয়তে দিছ্পুৰ দিল্লী দখল কৰিব বিচাৰে। মাদ্ৰাছা শিক্ষাই আমাৰ সমাজখন পংগু কৰিছে। আমি আমাৰ স্থিতি কেতিয়াও সলনি কৰা নাই। ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাৰ ওপৰত আমাৰ বিশ্বাস আছে, ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে। এই ক্ষেত্ৰত চৰকাৰক বিধি পথালি দিয়া উচিত নহয়। জেহাদীৰ ক্ষেত্ৰত জনপ্রতিনিধিয়ে নৰম স্থিতি লোৱাটো ভাৰতবৰ্ষৰ কাৰণে এটা অশুভ লক্ষণ। ভাৰতবৰ্ষৰ বিছিন্নতাবাদী শক্তিক পৰাভূত কৰিব লাগিব। এই ক্ষেত্ৰত চৰকাৰে লোৱা পদক্ষেপক আমি আদৰণি জনাইছোঁ। আমি আগন্তুক ৭৫ সংখ্যক স্বাধীনতা দিৱসটো পূৰ্বতকৈ ৩ গুণ অধিক উৎসাহ-উদ্দিপনাৰে পালন কৰাৰ সিদ্ধান্ত কৰিছোঁ। স্বাধীনতা দিবস উপলক্ষ্যে ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা দিন উত্তোলন কৰিব। খিলঞ্জীয়া অসমীয়া মুছলিম পৰিয়া, মৰিয়া, চৈয়দ দেশী আৰু লতা জনগোষ্ঠীৰ লোকসকলকে ঘৰে ঘৰে তিনিদিন ধৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৭৫ সংখ‍্যক স্বাধীনতা দিৱসটো অধিক মাত্ৰা প্ৰদান কৰিবলৈ আমি আহ্বান জনাইছো।৭৫ সংখ‍্যক স্বাধীনতা দিবস প্ৰসংগত আমি পুনৰ উল্লেখ কৰিব বিচাৰিছো যে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমীয়া মুছলিম গৰিয়া, চৈয়দ, জলহা আৰু দেশীয় লোকসকলক ইতিমধ্যে খিলঞ্জীয়াৰ অধিকাৰ প্ৰদান কৰিছে। খিলঞ্জীয়া অসমীয়া মুছলিমসকলৰ ক্ষেত্ৰত এনে সিদ্ধান্ত গ্রহণ কৰি  মুখ্যমন্ত্রীয়ে সাহস, সম্প্ৰীতি আৰু ন্যায়ৰ যুগমীয়া নিদর্শন দাঙি ধৰিছে। সেয়েহে ভাৰতবৰ্ষৰ ৭৫ সংখ্যক স্বাধীনতা দিবস অসমীয়া মুছলিসকলৰ বাবে চিৰস্মৰনীয়া হৈ ৰ'ব। ৭৫ সংখ্যক স্বাধীনতা দিবস উপলক্ষে আমি অসম গৰিয়া পৰিষদ, অসমীয়া মুছলিম পৰিষদ আৰু চাহ আৰু প্ৰাক্তন চাই জাতি জলহা সমাজে  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।  আমাৰ দাবীসমূহ হৈছে আগন্তক ১৫ আগষ্টৰ ভিতৰত অসমীয়া খিলঞ্জীয়া মুছলিমৰ কাৰণে সঞ্চালকালয়ৰ কাৰণে প্ৰায় ৫০০ কোটি টকা আবন্টন কৰাৰ ব্যৱস্থা কৰা,  আগন্তুক ২২, ২৩ বৰ্ষৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ যি ব্যৱস্থা হাতত লৈছে তাত  খিলঞ্জীয়া মুছলমানৰ কাৰণে কমেও ৫টা সমষ্টি নির্ধাৰণ কৰিব লাগে।' সংবাদ মেলত অসম মুছলিম পৰিষদৰ সাধাৰণ সম্পাদক ৰিয়াজুদ্দিন আহমেদে কয়- বিদেশী বিদেশীয়ে। উগ্ৰপন্থী উগ্ৰপন্থীয়ে। লাগিলে তেওঁলোক যি জাতিৰেই নহওঁক। আমি ইয়াৰ সদায় বিৰোধীতা কৰি যাম।' সংবাদ মেলত চাহ আৰু প্ৰাক্তন চাহ জনজাতি জলহা সমাজৰ বিত্তীয় সম্পাদক চামচুল আলীয়ে কয়-ইছলামত জেহাদৰ কোনো স্থান নাই। আমি বিচ্ছিন্নতা নিবিচাৰোঁ। এই ক্ষেত্ৰত আমি চৰকাৰক সহায় কৰি যাম।'সংবাদ মেলত অসমীয়া মুছলিম পৰিষদৰ সভাপতি ৰহমচা আলিৰ লগতে অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here