অৰুণা দত্ত হাজৰিকাৰ গ্ৰন্থ "গল্প-নিৱন্ধ" উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 2 August 2022

অৰুণা দত্ত হাজৰিকাৰ গ্ৰন্থ "গল্প-নিৱন্ধ" উন্মোচন

 


W7s news গুৱাহাটী : আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাৱত মঙলবাৰে আয়োজন কৰা এক গ্ৰন্থ উন্মোচনী সভাত বৰ্ষীয়ান লেখিকা অৰুণা হাজৰিকাৰ গল্প আৰু নিৱন্ধৰ একত্ৰ সংকলন "গল্প-নিৱন্ধ" শীৰ্ষক গ্ৰন্থখন  উন্মোচন কৰে অসমৰ এগৰাকী বৰ্ষীয়ান সম্পাদক,বিশিষ্ট জ্যেষ্ঠ সাংবাদিক,সমালোচক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে সাপ্তাহিক প্ৰাগজ্যোতিষ কাকতৰ সম্পাদক শিশু সাহিত্যিক শশীপ্ৰভা দাস, নেমকেয়াৰ হস্পিতালৰ পৰিচালন সঞ্চালক,শিল্পী তথা সংগীত পৰিচালক  ডা° হিতেশ বৰুৱা,আন্তঃৰাষ্ট্ৰীয় হিন্দু মহাসভাৰ অধ্যক্ষ ,সত্ৰাধিকাৰ তথা জ্যেষ্ঠ সাংবাদিক ঈশ্বৰ মহন্ত,অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষীকেশ গোস্বামী উপস্থিত থাকি বক্তব্য আগবঢ়ায়৷ গাম্ভীৰ্যপূৰ্ণ সভাখনত লেখিকা ৰুমী লস্কৰ বৰা, ডম্বৰুধৰ তালুকদাৰ,ড° বৈজয়ন্তী গোস্বামী,মুকুতা আলোচনীৰ সহকাৰী সম্পাদক ভাৰতী বৰুৱা মহন্ত ,মাণিক হাজৰিকা,কাকলি হাজৰিকা প্ৰমুখ্যে কেইবাগৰাকীও স্বনামধন্য ব্যক্তি উপস্থিত থাকে৷সাংবাদিক দৰ্শনা বৰুৱাই আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাত শ্লোক পাঠ কৰে ড° বৈজয়ন্তী গোস্বামীয়ে আৰু কোষেশ্বৰ বৰাই কবিতা পাঠ কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here