উত্তৰ-পূব ভাৰতৰ এম.এছ.এম.ই.বোৰক চিমেণ্ট যোগান ধৰাৰ বাবে টপচেম চিমেণ্টৰে বুজাবুজি চুক্তি এন.এছ.আই.চি-ৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 2 August 2022

উত্তৰ-পূব ভাৰতৰ এম.এছ.এম.ই.বোৰক চিমেণ্ট যোগান ধৰাৰ বাবে টপচেম চিমেণ্টৰে বুজাবুজি চুক্তি এন.এছ.আই.চি-ৰ

 



W7s news গুৱাহাটী: উত্তৰ-পূব ভাৰতৰ অগ্রণী চিমেণ্ট ব্ৰেণ্ড টপচেম চিমেণ্ট (মেঘালয় চিমেণ্টছ লিমিটেডৰ ব্ৰেণ্ড) এ নেচনেল স্মল ইণ্ডাষ্ট্ৰীছ কৰ্পোৰেছন (NSIC)ৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। স্বাক্ষৰ কৰা চুক্তি অনুসৰি টপচেম চিমেণ্টে লঘু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (MSME) সমূহক উচিত মূল্যত উন্নত মানদণ্ডৰ চিমেণ্ট যোগান ধৰিব। 

এই বুজাবুজি চুক্তিখনত গুৱাহাটীস্থিত টপচেম চিমেণ্টৰ কাৰ্যালয়ত এন.এছ.আই.চি. লিমিটেডৰ জোনেল জেনেৰেল মেনেজাৰ (উত্তৰ-পূব) বিজয় প্ৰকাশ আৰু মেঘালয় চিমেণ্টছ লিমিটেডৰ চেলছ আৰু মাৰ্কেটিঙৰ অধ্যক্ষ ডঃ অনিল কাপুৰে স্বাক্ষৰ কৰে। উত্তৰ-পূব ভাৰতৰ বজাৰত চিমেণ্ট যোগানৰ বিষয়ক লৈ এন.এছ.আই.চি.-ৰ কেঁচা মাল বিতৰণ আঁচনিৰ অধীনত এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছে। কেঁচা মাল বিতৰণ আঁচনিৰ অধীনত এন.এছ.আই.চি. আৰু টপচেম চিমেণ্টে সমগ্ৰ উত্তৰ-পূব ভাৰতস্থিত গুৰুত্বপূৰ্ণ ঔদ্যোগিক খণ্ডসমূহক এম.এছ.এম.ই. প্ৰকল্পৰ অধীনত সমৰ্থন আগবঢ়াব।মেঘালয় চিমেণ্টছ লিমিটেডৰ চেলছ আৰু মাৰ্কেটিঙৰ অধ্যক্ষ ডঃ অনিল কাপুৰে কয়; "আমি বিশ্বাস কৰোঁ যে এন.এছ.আই.চি.ৰ সৈতে হোৱা এই চুক্তিয়ে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত উত্তৰ-পূব ভাৰতত এম.এছ.এম.ই খণ্ডৰ বিকাশ ত্বৰান্বিত কৰাত সহায় কৰিব আৰু কৰ্ম সংস্থাপনৰ বাট মুকলি কৰিব।"এন.এছ.আই.চি. হৈছে এম.এছ.এম.ই. মন্ত্ৰালয়ৰ অধীনত ভাৰত চৰকাৰৰ এটি এণ্টাৰপ্ৰাইজ, যাৰ কাৰ্যালয় সমগ্ৰ ভাৰতৰ লগতে গুৱাহাটীত এন.ই.আৰ. জোনেল কাৰ্যালয় আছে। টপচেম চিমেণ্টৰ এটা বহল নেটৱৰ্ক আছে, যি উত্তৰ-পূব ভাৰতৰ এন.এছ.আই.চি.ৰ সৈতে এম.এছ.এম.ই.সমূহক সেৱা প্ৰদান কৰা ক্ষেত্ৰত মেৰুদণ্ড হিচাপে কাম কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here