W7s news গুৱাহাটী : ১৫০ বছৰ উৎসৱ উপলক্ষে বুধবাৰে এ এছ এল ক্লাৱৰ সভাপতি প্ৰকাশ আচাৰ্যই বিশিষ্ট লেখক গৌতম প্ৰসাদ বৰুৱাক নিজ বাসভৱনত অসম-বংগ সমন্বয় বঁটা প্ৰদান কৰে।বৰুৱাই অসম সাহিত্য সভাৰ হেম বৰুৱা বঁটা লাভ কৰিছিল। তেওঁ ৩১ জুলাইত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত স্বাস্হ্য জনিত কাৰণত উপস্থিত থাকিব নোৱাৰাৰ বাবে তেওঁৰ বাসগৃহত 'অসম-বংগ সমন্বয়' বঁটা প্ৰদান কৰা হয়। ৩১ জুলাইত পাঁচজন বিশিষ্ট ব্যক্তিক এই সন্মান দিয়া হয়। তেওঁলোক ক্ৰমে-নৃত্য শিল্পী, গুৰু, অধ্যাপক মীনাক্ষী বাসু চলিহা, ইণ্ডিয়ান চেম্বাৰ অৱ কৰ্মাচৰ উপদেষ্টা নেকিব আহমেদ, কবি হেমেন ভট্টাচাৰ্য আৰু ক্লাৱৰ এসময়ৰ ভাৰপ্ৰাপ্ত সভাপতি দেবাশিষ চক্ৰৱৰ্তী যাৰ প্ৰচেষ্টাত এ এছ এল ক্লাব ঠন ধৰি উঠে।
No comments:
Post a Comment