শিক্ষা, সংবিধান, দেশ ৰক্ষাৰ হকে এছ এফ আইৰ সৰ্বভাৰতীয় প্ৰচাৰ যাত্ৰা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 17 August 2022

শিক্ষা, সংবিধান, দেশ ৰক্ষাৰ হকে এছ এফ আইৰ সৰ্বভাৰতীয় প্ৰচাৰ যাত্ৰা

 



শোভাযাত্ৰাত বাধা  চৰকাৰৰ


W7s news ষ্টাফৰিপোৰ্টাৰ :ভাৰতৰ ছাত্র ফেডাৰ্চেন (এছ এফ আই) য়ে  'শিক্ষা, সংবিধান আৰু দেশ ৰক্ষা'ৰ আহ্বান জনাই সৰ্বভাৰতীয় প্ৰচাৰ যাত্ৰা ইতিমধ্যে আৰম্ভ কৰিছে। দেশৰ ইমূৰৰ পৰা সিমূৰলৈ এই যাত্ৰাই গতি কৰিছে। চলিত বছৰৰ ১২আগষ্টত ত্ৰিপুৰাত আৰম্ভ হোৱা এই যাত্ৰা বুধবাৰে গুৱাহাটীত উপস্থিত হৈছে। বুধবাৰে গুৱাহাটীৰ বিষ্ণু-নিৰ্মলা ভৱনত এই উপলক্ষে এছ এফ আইয়ে এক সভা আয়োজন কৰে। এছ এফ আইৰ ৰাজ্যিক সভাপতি প্ৰতুল বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাত ত্ৰিপুৰাৰ এছ এফ আইৰ সভাপতি চুলেমান আলি আৰু ত্ৰিপুৰাৰ ট্ৰাইবেল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ সদস্য দ্বীপসনো দেৱবাৰ্মা অতিথি হিচাপে উপস্থিত থাকি ত্ৰিপুৰাৰ পৰা কঢ়িয়াই অনা এছ এফ আইৰ 'স্বাধীনতা, গণতন্ত্ৰ, সমাজতন্ত্ৰ'ৰ শুভ্ৰ পতাকা অসমৰ হাতত অৰ্পণ কৰে। তেওঁলোকক এছ এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই যৌথ সংগ্ৰামখন শক্তিশালী কৰাৰ আহ্বান জনায়।  আজিৰ সভাত এছ এফ আইৰ প্ৰাক্তন সম্পাদক নয়ন ভূঞা আৰু ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাসে শুভেচ্ছামূলক বক্তব্য ৰাখে। কেন্দ্ৰীয় নেত্ৰী সংগীতা দাসে সভাত কয় - "স্বাধীন ভাৰতৰ ৭৫ টা বছৰ সম্পূৰ্ণ হ'ল কিন্তু, স্বাধীনতা লাভ কৰাৰ ইমান বছৰ পাছতো কিছুমান মৌলিক সমস্যা এতিয়াও দূৰ হোৱা দেখা যোৱা নাই। বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত যদি আমি চাওঁ, এতিয়াও ভাৰতৰ বহু লাখ শিশু শিক্ষাৰ পৰা বঞ্চিত। আর্থিক দুৰৱস্থা, জাতি ধর্মই আনি দিয়া কিছুমান সামাজিক হেঙাৰ আদি কাৰণত এই দেশৰ বহু শিশুৰ গাত শিক্ষাৰ পোহৰ পৰা নাই। সমস্যা কেৱল ইয়াতেই সীমাবদ্ধ নহয়। স্কুল মহাবিদ্যালয়ত নামভৰ্তিৰ পাছতো আন্তঃগাঁথনিৰ অভাৱ, শিক্ষকৰ অভাৱ, মাচুল বৃদ্ধি, দৈন্যতা আদিবোৰ কাৰণত বহুতে আধাতে শিক্ষা সাং কৰিবলগীয়া হৈছে। অলপতে ভাৰত চৰকাৰে কৰা এক সমীক্ষা অনুসৰি ১২.৬ শতাংশ ছাত্ৰ ছাত্ৰীয়ে আধাতে স্কুলীয়া শিক্ষা শেষ কৰিবলগীয়া হয়। অসমত এই ‘ড্রপ আউট'ৰ হাৰ সৰ্বাধিক । অসমত মাধ্যমিক পর্যায়তহে ৩১শতাংশ ছাত্র ছাত্রীয়ে আধাতে শিক্ষা এৰে। ইয়াৰ লগতে কলেজীয়া শিক্ষাৰ ক্ষেত্ৰত পৰ্যাপ্ত আসনৰ অভাৱ আৰু উর্ধমুখী মাচুলৰ বাবে বহুতে উচ্চ শিক্ষাৰ পৰা বঞ্চিত হয়।"

অন্যহাতে ৰাজ্যিক সম্পাদক নিৰংকুশ নাথে উচ্চ শিক্ষাৰ প্ৰসংগ টানি আনি কয় যে উচ্চ শিক্ষাত পৰ্যাপ্ত শিক্ষক আৰু আন্তঃগাঁথনি অবিহনে গ্রেডিং ব্যৱস্থা জাপি দিয়াৰ ফলত নৈৰাজ্যৰ সৃষ্টি হৈছে। ফলাফলকলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰতিবাৰেই ছাত্ৰ-ছাত্ৰীয়ে আন্দোলন কৰিব লগাত কৰিছে। আলতে ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাই এক জটিল ৰূপ ধাৰণ কৰিছে। ৰাজ্যখনত বিশ্ববিদ্যালয়ৰ পৰা প্ৰাথমিক পৰ্যায়লৈ ২৮,৯১০ শিক্ষক পদ খালি হৈ আছে। অন্যহাতে এতিয়াও বহু শিক্ষানুষ্ঠানত পুথিভঁৰাল, বিশুদ্ধ খোৱাপানী, বিদ্যুৎ, কম্পিউটাৰ, ইণ্টাৰনেট সেৱা আদিৰ অভাৱ। এই সমস্যাসমূহ সমাধান কৰাৰ সলনি চৰকাৰে এক ইংৰাজী মাতৃভাষাৰ মাধ্যমৰ অদ্ভুত মিশ্ৰণ কৰাতহে ব্যস্ত হৈছে। কামৰূপ মহানগৰ জিলাৰ সম্পাদক অনুজা ডেকাই দীৰ্ঘদিন ধৰি শিক্ষানুষ্ঠানত 'যৌন নির্যাতন বিৰোধী আৰু লিংগ বিষয়ক সজাগতা কমিটি (GSCASH)' গঠনৰ বাবে থকা উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শও বেছিভাগতেই কাৰ্যকৰী কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰে। দেশৰ অন্যান্য চহৰত ছাত্ৰ-ছাত্ৰীৰ বাবে বাছ ভাড়া ৰেহাই দিয়াৰ লগতে 'বাছ পাছ'ৰ ব্যৱস্থা আছে কিন্তু গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন চহৰত এই সুবিধাৰ পৰা ছাত্ৰ-ছাত্ৰী বঞ্চিত।  ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য ৰিচাদ ভূঞাই খেদ প্ৰকাশ কৰি কয় যে এই শিক্ষাগত সমস্যাসমূহৰ লগতে স্বাধীনতাৰ ৭৫ বছৰৰ প্ৰাকক্ষণত আমি দেখিবলৈ পাইছোঁ দেশত বাঢ়ি অহা সাম্প্ৰদায়িক হিংসা আৰু বিভেদকামী শক্তিৰ উত্থান যি ভাৰতৰ আৰু বিশেষকৈ অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাবে বেছ বিপজ্জনক। ধৰ্মনিৰপেক্ষতা হৈছে দেশৰ সংবিধানৰ এক অন্যতম ভেটি। এই ভেটি মজবুত কৰাৰ প্ৰয়োজন। কিন্তু চৰকাৰে ইতিহাসৰ বিভিন্ন দিশৰ অবৈজ্ঞানিক বাখ্যা আগবঢ়াই নতুনকৈ ইতিহাস লিখাৰ চেষ্টা চলাইছে। শেহতীয়াকৈ দেখা গৈছে কি ধৰণে চৰকাৰে সংবিধান আৰু গণতান্ত্রিক অধিকাৰৰ ধাৰণা পাঠ্যক্ৰমৰ পৰা আঁতৰাব বিচাৰিছে। হিন্দুত্ববাদী শক্তিয়ে গান্ধী হত্যাকাৰী গডছেক বীৰ সজাই নতুন ইতিহাস ৰচনা কৰিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰিছে।

সভাৰ শেষত পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীকলৈ এক শোভাযাত্ৰা উলিওৱাৰ চেষ্টা কৰা হয় যদিও পুলিচ-প্ৰশাসনে সম্পূৰ্ণ বাধা দিয়ে। প্ৰতিবাদকাৰীৰ ওপৰত পুলিচ-প্ৰশাসনে বল প্ৰয়োগ কৰি ঠেলা হেঁচা কৰে। তাৰ পিছত সকলোকে আটক কৰি চচললৈ নিয়ে। গণতান্ত্ৰিক, শান্তিপূৰ্ণ আৰু 'শিক্ষা, সংবিধান আৰু দেশ ৰক্ষা'ৰ হকে আয়োজন কৰা শোভাযাত্ৰা ৰোধ কৰা কাৰ্যই অসম চৰকাৰৰ শ্বৈৰতান্ত্রিক মানসিকতাৰ পৰিচায়ক বুলি এছ এফ আইৰ ৰাজ্যিক কমিটিয়ে অভিহিত কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here